অসমৰ এগৰাকী ব্ল’গাৰৰ কথাৰে…

0 234

ব্লগ ৰাইটিংও হ’ব পাৰে এটা জীৱিকা উপাৰ্জনৰ অন্যতম মাধ্যম। প্ৰযুক্তিবিদ্যাৰ ক্ষীপ্ৰ প্ৰসাৰৰ লগে লগে আৰম্ভ হৈছে এটা ডিজিটেল টেণ্ডৰ। যাৰ আলমত ডিজিটেল মাধ্যমক সাৰথি কৰি বহুতে আগুৱাই গৈছে। সৰুৰে পৰা পঢ়ি ভাল পাইছিলো, লিখি ভাল পাইছিলো। তাৰে আলমত ব্লগ আৰম্ভ কৰিলো। এই মন্তব্য অসমৰ এগৰাকী প্ৰফেচনেল ব্লগাৰ পুস্পাঞ্জলী দাস দত্তৰ। মহানগৰীৰ নাৰেংগীৰ বাসিন্দা পুস্পাঞ্জলী দাস দত্তই ২০১১ চনৰ পৰা ব্লগত লিখাৰ আৰম্ভ কৰিছিল। সেই সময়ত অসমত ব্লগ ৰাইটিং কি হয় জনা মানুহ খুব কমেহে আছিল।

উল্লেখযোগ্য যে My writing my world আৰু Foodie on the read শীৰ্ষক দুটি ব্লগ তেখেতে চলাই আছে। জানিব পৰামতে ব্লগিঙৰ জৰিয়তে মাহেকত ২লাখ টকাকৈ উপাৰ্জন কৰি আহিছে। তেখেতৰ ব্লগত ভিজিটৰ সংখ্যা ৩০ লাখৰো অধিক। এই সম্পৰ্কত তেখেতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এনেদৰে কয়- সাধাৰণতে মানুহে ব্লগৰ জৰিয়তে কোনো বিষয় বস্তুৰ সম্পৰ্কে জানিব বিচাৰে অথবা নতুনত্ব বিচাৰে। সেই বিষয়ৰ ওপৰত লক্ষ্য ৰাখি ব্লগ ৰাইটিং আৰম্ভ কৰিছিলো। দুটা ব্লগতে পৰ্যটন ক্ষেএত আৰু খাদ্য সম্ভাৰৰ সবিশেষ সন্নিবিষ্ট আছে। মই online ত ব্লগৰ সম্পৰ্কে প্ৰশিক্ষণ দিও।

ব্লগ কি দৰে আয়ৰ উৎস হৈ পৰে, সেইসম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰো। অহা জুন মাহৰ পৰা online school এখন মুকলি কৰিম। স্মতৰ্ব্য যে কলেজৰ অধ্যাপকৰ চাকৰি দৰে গুৰুত্বপূৰ্ণ চাকৰি ত্যাগ কৰি তেখেতে ব্লগ ৰাইটিংক প্ৰফেচন হিচাপে নিৰ্বাচন কৰিছিল। জানিব পৰা মতে পুস্পাঞ্জলী দাস দত্তই লিখা ৭ খনকৈ গ্ৰন্থ বজাৰত উপলব্ধ। ব্লগৰ জৰিয়তে বিশ্ববাসীক অসম আৰু অসমীয়া সম্পৰ্কে জানিব দিয়াৰ বাবে পুস্পাঞ্জলী দাস দত্তক কৃতজ্ঞতা জ্ঞাপন কৰিলো।

 

সংগীতা শইকীয়া

সম্পাদক

এন ই ফ’কাচ ডট কম

Leave A Reply

Your email address will not be published.