ইজৰাইলী সমৰ কলাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ এজন যুৱকে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । নতুন দিল্লী অনুষ্ঠিত ইজৰাইলী সমৰ কলা ‘কাৰ্ভ মাগা’ৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি প্ৰশিক্ষক ৰূপে শ্বীকৃতি লাভ কৰে মহানগৰীৰ পাণ্ডুৰ মনজিৎ সিংহ নামৰ যুৱকজনে। কাৰ্ভ মাগা ট্ৰেইনিং ইণ্ডিয়া প্ৰতিষ্ঠানে যোৱা ১৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ দিল্লীত অনুষ্ঠিত কৰিছিল এক বিশেষ প্ৰশিক্ষণ শিবিৰ। যত দেশৰ বিভিন্ন ৰাজ্যৰ যুৱকে অংশগ্ৰহণ কৰিছিল । উক্ত শিবিৰত প্ৰশিক্ষক হিচাপে আছিল এন এছ জি ( NSG ) কামাণ্ডো প্ৰশিক্ষক এ আৰ হৰি নাথ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই শিবিৰত প্ৰশিক্ষণ সফলতাৰে সম্পন্ন কৰি মনজিৎ সিংহই ‘কাৰ্ভ মাগা’ প্ৰশিক্ষকৰ খ্যাতি লাভ কৰিছে। যোৱাকালি দিল্লীত আয়োজিত এক অনুস্থানত সুখ্যাতিৰে প্ৰশিক্ষণ সম্পন্ন কৰা ব্যক্তিসকলক মান পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে ইজৰাইলী সমৰ কলাৰ এনে উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰা অসমৰ একমাত্ৰ যুৱক মনজিৎ সিংহ। ইয়াৰ পূৰ্বে অসমক প্ৰতিনিধিত্ব কৰি এনে প্ৰশিক্ষণ কোনোৱে গ্ৰহণ কৰা নাই।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী