ইজৰাইলী সমৰ কলাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ এজন যুৱকে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । নতুন দিল্লী অনুষ্ঠিত ইজৰাইলী সমৰ কলা ‘কাৰ্ভ মাগা’ৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি প্ৰশিক্ষক ৰূপে শ্বীকৃতি লাভ কৰে মহানগৰীৰ পাণ্ডুৰ মনজিৎ সিংহ নামৰ যুৱকজনে। কাৰ্ভ মাগা ট্ৰেইনিং ইণ্ডিয়া প্ৰতিষ্ঠানে যোৱা ১৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ দিল্লীত অনুষ্ঠিত কৰিছিল এক বিশেষ প্ৰশিক্ষণ শিবিৰ। যত দেশৰ বিভিন্ন ৰাজ্যৰ যুৱকে অংশগ্ৰহণ কৰিছিল । উক্ত শিবিৰত প্ৰশিক্ষক হিচাপে আছিল এন এছ জি ( NSG ) কামাণ্ডো প্ৰশিক্ষক এ আৰ হৰি নাথ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই শিবিৰত প্ৰশিক্ষণ সফলতাৰে সম্পন্ন কৰি মনজিৎ সিংহই ‘কাৰ্ভ মাগা’ প্ৰশিক্ষকৰ খ্যাতি লাভ কৰিছে। যোৱাকালি দিল্লীত আয়োজিত এক অনুস্থানত সুখ্যাতিৰে প্ৰশিক্ষণ সম্পন্ন কৰা ব্যক্তিসকলক মান পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে ইজৰাইলী সমৰ কলাৰ এনে উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰা অসমৰ একমাত্ৰ যুৱক মনজিৎ সিংহ। ইয়াৰ পূৰ্বে অসমক প্ৰতিনিধিত্ব কৰি এনে প্ৰশিক্ষণ কোনোৱে গ্ৰহণ কৰা নাই।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ