উত্তৰপূবত নীৰৱে বিপ্লৱ আনিছে এগৰাকী মহিলা উদ্যমীয়ে

0 287

এগৰাকী মহিলা উদ্যমী। মহিলাগৰাকীয়ে কেৱল অসমতেই নহয়, সমগ্ৰ উত্তৰ পূবত এক বিপ্লৱ আনিছে। তেখেতে নিৰৱেই কৰি গৈছে সমাজৰ বাবে সেৱা, সেয়েহে nefocus.com ত তেখেতৰ কাহিনীয়ে বিশেষ স্থান লাভ কৰিছে। আহকচোন জানো, তেখেত কোন আৰু কিদৰে সমাজত সেৱা আগবঢ়াইছে।

IMG-20180115-WA0018

চৰকাৰী চাকৰীয়ে বান্ধি ৰাখিব নোৱাৰা এগৰাকী উদ্যমী। নলবাৰী চহৰৰ সন্ধাৰ অঞ্জনা চক্ৰৱৰ্ত্তী নামৰ মহিলা গৰাকীয়ে এক আদৰ্শনীয় কাম কৰি সমাজলৈ সেৱা আগবঢ়াইছে। পশুধনৰ ব্যৱসায়ো যে জীৱিকাৰ সম্বল হ’ব পাৰে তাকে কৰি দেখুৱাইছে। Live Stock Centre নামৰ এখন ফাৰ্মৰ জৰিয়তে গাহৰি, হাঁহ, মাছ, ছাগলী, ম’হ, গৰু, ইমু, কাৰ্কি কোৱেল চৰাইৰ ফাৰ্মিংৰ লগত জৰিত হৈ আছে। উল্লেখযোগ্য যে এই ফাৰ্মখনত পশুধনক পালন কৰায়ে নহয়, কিদৰে ব্যৱসায়িকভাৱে ল’ব পৰা যায় সেইবিষয়ে প্ৰশিক্ষণো প্ৰদান কৰা হয়। স্মৰ্তব্য যে উত্তৰ পূবৰ ভিতৰত কেৱল Live Stock Centre য়ে বিনামূলীয়াকৈ পশুধন পালন তথা ব্যৱসায়কৰণ প্ৰশিক্ষণ প্ৰদান কৰে। জানিবপৰামতে অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও অৰুণাচল প্ৰদেশ, মেঘালয়, নগালেণ্ড আদিৰ পৰা প্ৰশিক্ষাৰ্থী আহি Live Stock Centre ত আহি প্ৰশিক্ষণ গ্ৰহণ কৰে।

IMG-20180115-WA0016

এই সম্পৰ্কত Live Stock Centre ৰৰ লগত জৰিত ডাঃ বিভূতি চক্ৰৱৰ্তীয়ে এনেদৰে কয়- শিক্ষিত নিৱনুৱা সকলক জীৱিকাৰ সন্ধান দিয়াৰ মানসেৰে এই ফাৰ্মখন আৰম্ভ কৰিছিলো। আচলতে সমাজ সেৱাৰ লগত জৰিত থাকি ভাল পাইছিলো। মই নিজেও এজন চিকিৎসক। গতিকে মোৰ পত্নী অজ্ঞনা চক্ৰৱৰ্তীক ফাৰ্মৰ কথা কোৱাত তেখেতে সহাঁৰি দিলে আৰু দুয়োৰো সহযোগত Live Stock Centre জন্ম হ’ল। প্ৰথম অৱস্থাত পশুধনৰ ব্যৱসায়টো আগবঢ়াই নিয়াত যথেষ্ট অসুবিধা হৈছিল। বিশেষকৈ মাংসখিনি বিক্ৰীৰ বাবে বজাৰ নাছিল। মই নিজে গৈ এনে ব্যৱসায়ৰ লগত জড়িত কেইজনমানক লৈ বৰ্ণিহাট অথবা আৰ্মীৰ কেম্পত মাংসৰ যোগান ধৰিছিলো। এয়াই আমাৰ ব্যৱসায়ৰ আৰম্ভণী আছিল।

IMG-20180115-WA0017

উল্লেখযোগ্য যে, Live Stock Centre ফাৰ্মৰ পৰা বহুতে বিচাৰি পাইছে জীৱিকাৰ চন্দ। Live Stock Centre ত ইমু চৰাই, কাৰ্কি চৰাই, কোয়েল চৰাই আদিবোৰ মাংস হিচাপত উপলব্ধ। চাইলেণ্ট ৰিভলুৱেচনক বিশ্বাসী এগৰাকী মহিলা উদ্যমীক nefocus.com ৰ ফালৰ পৰা জনাইছোঁ অলেখ শুভকামনা।

Leave A Reply

Your email address will not be published.