গ্ৰন্থই আমাক ঈশ্বৰ ,আল্লা, গডৰ স্পৰ্শ দিয়ে। আমি গীতা বা ভাগৱতখন হাতত ল’লে ভগৱান ,ঈশ্বৰক যিদৰে পাও, সেইদৰে কোৰানখন হাতত লৈ ইছলাম সকলে আল্লাক পায়। একেদৰে খ্ৰীষ্টান সকলে বাইবেল হাতত লোৱা সময়ত যীশু অৰ্থাৎ গডক স্পৰ্শ কৰা যেন অনুভৱ কৰে। সেই বাবে গ্ৰন্থক মই ভগৱান বুলি গণ্য কৰি আহিছো। আৰু লেখকজন সেয়ে পৃথিৱীৰ শ্ৰেষ্ঠ কলাকাৰ । যি জাতি আৰু দেশে গ্ৰন্থক অৱহেলা কৰে, সেই জাতি তথা দেশ ধ্বংসৰ ফালে গতি কৰে। এই গুৰুত্বপূৰ্ণ মন্তব্য অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ । যোৱা ২০ অক্টোবৰত জ্যেষ্ঠ সাংবাদিক তথা গল্পকাৰ পবিত্ৰ কুমাৰ দাসৰ এখন দলং আৰু এজন মানুহ শীৰ্ষক দাসৰ দ্বিতীয় গল্পপুথিখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি সাহিত্য সভাৰ সভাপতি ৰাজবংশীয়ে এই মন্তব্য কৰাৰ লগতে এক সংকটাৱস্থাত পৰা অসমীয়া ভাষাৰ দুৰ্যোগৰ সময়তো অৱশ্যে অসমীয়া ভাষাত প্ৰতিদিনে ১১ খনকৈ গ্ৰন্থ প্ৰকাশ পাই আছে। এয়া শুভ লক্ষণ বুলি দোহাৰি তেওঁ আকৌ কয় যে ৰাজকীয় পৰিৱেশত থাকি কোনো লেখকে কালজয়ী সাহিত্য ৰচনা কৰিব নোৱাৰে। সংগ্ৰামৰ ভাষা, মাটি মানুহৰ গোন্ধ নাথাকিলে কোনো লেখা উন্নত হ’ব নোৱাৰে বুলি কৈ ৰাজবংশীয়ে নতুন প্ৰজন্মৰ লেখক পবিত্ৰ কুমাৰ দাসৰ এখন দলং আৰু এজন মানুহ গ্ৰন্থখনৰ গল্প সমূহত এই গোন্ধ পাঠকে লাভ কৰিব বুলি কয়। সভাপতি গৰাকীয়ে অসমত নিৰপেক্ষ সমালোচকৰ অভাৱ হোৱা বাবে নৱ প্ৰজন্মৰ লেখক – লেখিকাৰ লেখাৰ প্ৰকৃত মূল্যায়ন নোহোৱা বুলি আক্ষেপ কৰে। দক্ষিণ কামৰূপৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সভাকক্ষত ইতিহাসবিদ তথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ গজেন্দ্ৰ চন্দ্ৰ অধিকাৰীৰ সঞ্চালনাত অনুষ্ঠিত সাংবাদিক লেখক পবিত্ৰ কুমাৰ দাসৰ ‘ এখন দলং আৰু এজন মানুহ ‘ উন্মোচনী সভাত সাহিত্য সভাৰ সভাপতি গৰাকীয়ে অসমীয়া কেৱল এটা ভাষা নহয় বুলি কৈ অসমীয়া এক সভ্যতা – এক সংস্কৃতি বুলি উল্লেখ কৰে। মহাত্মা গান্ধীৰ উদ্ধৃতি প্ৰদান কৰি তেওঁ লগতে কয় – মাতৃ ভাষাক অৱজ্ঞা কৰাজন নৰাধম বুলিও মন্তব্য কৰে এই গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই নিজৰ ভাষণত গ্ৰন্থ চিৰ প্ৰবাহমান আৰু তেওঁৰ দৃষ্টিত গ্ৰন্থ এখন দাপোন বুলি মন্তব্য কৰে। সভাখনত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক তথা দিছপুৰ কলেজৰ অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ শৰ্মা ভাষণ প্ৰদান কৰি লেখক পবিত্ৰ কুমাৰ দাসৰ এই যাত্রা উৰ্দ্ধগামী হোৱাৰ আশা প্ৰকাশ কৰে। গ্ৰন্থ উন্মোচনৰ পূৰ্বে পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডিএফ অ’ ৰঞ্জন গোস্বামী আৰু গল্পকাৰ পবিত্ৰ কুমাৰ দাসে মহাবিদ্যালয়ৰ চৌহদত এজোপাকৈ গছপুলি ৰোপন কৰাৰ পিছতে বন্তি প্ৰজ্বলন কৰে পলাশবাৰী ৰাজহ।চক্ৰৰ চক্ৰ বিষয়া সুস্বপ্না কাকতিয়ে। সভাৰ আৰম্ভণিত চুমী কলিতাই বৰগীতৰে শুভাৰম্ভণী কৰা অনুষ্ঠানত লেখকৰ পত্নী গ্ৰন্থখনৰ প্ৰকাশক এপি পাব্লিকেচনৰ স্বত্বাধিকাৰী পাৰুল দাসক সম্বৰ্ধনা জনোৱা হয়।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ