গাৰোপাহাৰত কালিৰে পৰা জাৰি হৈছে নতুন এছ অ` পি

0 285

মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ উপায়ুক্ত ৰাম সিংহে ক`ৰণা ভাইৰাছৰ ভয়াবহতাৰ বাবে আজি নতুনকৈ SOP জাৰি কৰা পৰিলক্ষিত হৈছে৷ উক্ত নিৰ্দেশনা মতে সম্পূৰ্ণ গাৰোপাহাৰ জিলাত কালিৰ পৰা সান্ধ্য আইন (কাৰ্ফিউ) অহা ৭ জুন লৈকে বৃদ্ধি কৰা হৈছে৷ এই সান্ধ্য আইন কালি সন্ধিয়া ৫ বজাৰ পৰা অহা ৭ জুনৰ সন্ধিয়া ৫ বজালৈ বলবৎ থাকিব৷
ইফালে তুৰা চহৰত সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ ৰাতিপুৱা ৮ বজাৰ পৰা বিয়লি ১ বজালৈকে শাকপাচলি, গেলামাল দোকান, গাখীৰ আৰু মাছ মাংসৰ দোকান খোলা থাকিব৷ তুৰা চহৰৰ কাবুল মাৰ্কেট খন ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সম্পূৰ্ণভাবে বন্ধ কৰি দিছে৷ গাৰোপাহাৰৰ অন্যান্য ঠাইত সোমবাৰৰ পৰা শুক্ৰবাৰ লৈকে ৰাতিপুৱা ৮ বজাৰ পৰা বিয়লি ১ বজালৈকে শাকপাচলি, গেলামাল দোকান নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দোকান খোলা থাকিব৷ ইফালে তুৰা চহৰত হাৰ্ডৱেৰ, ছেনিটাৰী দোকান, কম্পিউটাৰৰ দোকান, ম`বাইলৰ দোকান মঙ্গলবাৰ আৰু বুধবাৰে সপ্তাহত দুদিন খোলা থাকিব ৰাতিপুৱা ৮ বজাৰ পৰা ১১ বজালৈ আৰু তুৰা চহৰৰ বাহিৰত থকা অন্যান্য ঠাইত হাৰ্ডৱেৰ, ছেনিটাৰী দোকান, ম`ৱাইল, কম্পিউটাৰৰ দোকান আদি মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে খোলা থাকিব ৰাতিপুৱা ৮ বজাৰ পৰা বিয়লি ১ বজালৈকে৷
মনকৰিবলগীয়া য়ে কালি জাৰি কৰা SOP মতে ৰাতিপুৱা ৫ বজাৰ পৰা বিয়লি ২ বজালৈকে সকলো ধৰণৰ গাড়ী মালবাহী আৰু ব্যক্তিগত বাহন চলিব পাৰিব আৰু সপ্তাহত সকলো ধৰণৰ গাড়ী চলিব নোৱাৰিব যুগ্ম আৰু অযুগ্ম হিচাপত গাড়ী সমূহ চলিব৷ এদিন যুগ্ম সংখ্যাৰ আৰু এদিন অযুগ্মৰ সংখ্যাৰ গাড়ী চলিব পাৰিব৷ তেনেদৰে বাৰ হিচাপত উক্ত SOP ত উল্লেখ কৰিছে৷ যুগ্ম সংখ্যাৰ গাড়ী কোন বাৰে আৰু অযুগ্ম সংখ্যাৰ গাড়ী কোন বাৰে চলিব৷ উল্লেখ্য য়ে শনি আৰু দেওবাৰে সম্পূৰ্ণ বাহন চলাচল বন্ধ থাকিব কিন্তু নিত্য প্ৰয়োজনীয় সামগ্ৰী কঢ়িওৱা ট্ৰাক অথবা লৰীয়ে যাতায়াত কৰিব পাৰিব শনি আৰু দেওবাৰে৷ পশ্চিম গাৰোপাহাৰ জিলা উপায়ুক্তৰ নিৰ্দেশত বাৰ হিচাপত যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ছিৰিজ উল্লেখ কৰা আছে৷ সেই ছিৰিজ মতে বাৰ হিচাপে যুগ্ম আৰু অযুগ্ম গাড়ী সমূহ চলাচল কৰিব পাৰিব৷
খবৰ যুগুতালে চামিম জাকাৰিয়াই..

Leave A Reply

Your email address will not be published.