আৰ্মি মহানগৰীৰ নাৰেংগী সেনা চাউনী চৌহদত থকা আৰ্মি ইনষ্টিটিউট অৱ নাৰ্ছিং গুৱাহাটীৰ দীক্ষান্ত সমাৰোহ ৯ ডিচেম্বৰত অনুষ্ঠিত হয়।নাৰেংগী আৰ্মি পাব্লিক স্কুল চৌহদত অনুষ্ঠিত হোৱা সমাৰোহখনত মুখ্য অতিথি হিচাপে ভাৰতীয় সেনাৰ ১০১ এৰিয়াৰ চীফ অৱ ষ্টাফ মেজৰ জেনেৰেল পি চাইনী আৰু সন্মানীয় অতিথি হিচাপে ৫১ চাব এৰিয়াৰ ডেপুটী জি অ’ চি বি প্ৰেডিয়াৰ অৰুণ কুমাৰ পাণ্ডে আৰু আমন্ত্ৰিত অতিথি হিচাপে ১৫১ বেছ হস্পিতালৰ কনাণ্ডেন্ট বি প্ৰেডিয়াৰ পি দেশমুখ আৰু সেনাৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।সমাৰোহত এইবাৰ এ আই এন’ৰ পৰা উৰ্ত্তীণ হোৱা ৪ বছৰীয়া বি এছ চি আৰু ২ বছৰীয়া এম এছ চি নাৰ্ছিঙত উত্তীৰ্ণ ২৩০ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়।অনুষ্ঠানত এ আই এন’ৰ অধ্যক্ষ লেফটেন্যান্ট কর্ণেল এম জয়ালক্ষ্মীয়ে প্ৰতিষ্ঠানখনৰ ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বুলি সদৰি কৰে।আনহাতে দীক্ষান্ত সমাৰোহৰ লগত সংগতি ৰাখি বশিষ্ঠস্থিত সেনাৰ ১৫১ বেছ হস্পিতাল চৌহদত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়।বন্তি প্ৰজ্বলনৰ পূৰ্বে উপস্থিত শিক্ষাৰ্থীসকলক নাৰ্ছিঙৰ শপত বাক্য পাঠ কৰোৱায়।অনুষ্ঠানত সুখ্যাতিৰে উত্তীৰ্ণ ৩ গৰাকী শিক্ষাৰ্থী ক্ৰমে পদ্মা কুমাৰী গুৰুং,ৰাকচন্দা কাৰ্কী আৰু ৰিয়া সিঙক সোণ,ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়।
Trending
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ