বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উদ্যোগত মহাবীৰ লাচিতঘাটত দেশপ্ৰেমমূলক সংগীতানুষ্ঠান অনুষ্ঠিত

0 376

ভাৰত – বাংলাদেশ আৰু ভাৰত – পাকিস্তানৰ আন্তৰ্জাতিক সীমান্তৰ নিৰাপত্তা আৰু পহৰা কাৰ্যৰ বাবে ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে পহিলা ডিচেম্বৰত ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালি বিয়লি গুৱাহাটীৰ মাছখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা মহাবীৰ লাচিত বৰফুকন ঘাটত এক দেশপ্ৰেমমূলক সংগীতানুষ্ঠান আৰু প্ৰশিক্ষিত কুকৰৰ এক প্ৰদৰ্শনী অনুষ্ঠিত হয় । অনুষ্ঠানটো উদ্ধোধন কৰে বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদর্শক সঞ্জয় সিং গেহলটে । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত মহাপৰিদর্শক গেহলটে বি এছ এফৰ জোৱান সকলে ৰ`দ , বতাহ , বৰষুণ , গৰম , বৰফ , ধুমুহাকে ধৰি নানা প্ৰাকৃতিক প্ৰতিকূলতাক নেওচিও কিদৰে সীমান্তত অতীন্দ্ৰ প্ৰহৰী হিচাপে দায়িত্ব পালন কৰি আহিছে তাৰ আলোকপাত কৰে । অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী সীমা গেহলট , উপ মহাপৰিদর্শক আশুতোষ শৰ্মা , কমাণ্ডেণ্টদ্বয় ডাঃ বিনীত কুমাৰ আৰু সুৰেশ কুমাৰকে ধৰি বি এছ এফৰ কেবাজনো বিষয়া উপস্থিত থাকে । আনহাতে অনুষ্ঠানত বাহিনীটোৰ কেবাজনো জোৱানে দেশপ্ৰেমমূলক সংগীত পৰিবেশন কৰে । তেনেদৰে বাহিনীটোৰ এটা বেণ্ড শিল্পীৰ দলে যন্ত্ৰ সংগীতৰে সুৰৰ মায়াজাল সৃষ্টি কৰি উপস্থিত সকলোকে আপ্লুত কৰে । ইয়াৰ পূৰ্বে বাহিনীটোৰ উচ্চ প্ৰশিক্ষিত কেবাটাও কুকুৰে বিভিন্ন কলা কৌশল , সীমান্তত শত্ৰুৰ গতিবিধি নিৰীক্ষণ , মাদক দ্ৰব্য বা নিচাযুক্ত সামগ্ৰী চিনাক্তৰণ কৰা আদি প্ৰদৰ্শন কৰে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.