মহাষৌধত পৰিণত হৈছে মাস্ক-ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ

0 420

ক`ৰণাৰ দ্বিতীয় সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাত আমাৰ সকলোৰে সুৰক্ষা কবচত পৰিণত হৈছে মাস্কখন। মাস্ক পৰিধান কৰিবলৈ চৰকাৰেও জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। মাস্কৰ ব্যৱহাৰ তথা সজাগতা সৃষ্টিৰ বাবে হাজোৰ এগৰাকী কিশোৰীয় হাতত লৈছে ৰং-তুলিকা। হাজো ধোপৰগুৰিৰ জ্যোতিস্মিতা ওজা নামৰ কিশোৰী গৰাকীয়ে কাঠৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাত অংকন কৰিছে বহুতো ছবি। বিশেষকৈ জ্যোতিস্মিতাই কৰোণা ভাইৰাছৰ ভয়াৱহতা আৰু সজাগতাৰ বাবে অকা মাস্কৰ ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। আনহাতে ক্ষুদ্ৰ ক্ষুদ্ৰ কাঠৰ টুকুৰাত প্ৰাণ ঠাই উঠিছে ৰংঘৰ, তাজমহল লক্ষ্মীনাথ বেজবৰুৱা, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা, ড০ হিমন্ত বিশ্ব শৰ্মা, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত আদিৰ ছবি। চতুৰ্থ শ্ৰেণীৰ পৰা ছবি আঁকি ভাল পোৱা জ্যোতিস্মিতাক এই ক্ষেত্ৰত পিতৃ-মাতৃয়েও যথেষ্ট উৎসাহ যোগাই আহিছে। বিশেষকৈ শেহতীয়া পৰিস্থিতিৰ লগত খাপ খুৱাই ক্ষুদ্ৰ কাঠৰ টুকুৰাত মাস্ক অংকন কৰি সজাগতা সৃষ্টি কৰাত আনন্দ প্ৰকাশ কৰিছে ফাৰ্মাচিষ্ট পিতৃ নাৰায়ণ ওজা আৰু মাতৃ মঞ্জু পাঠক ওজাই। ছবি আকি জগত জিনিব বিচৰা জ্যোতিস্মিতাই মহামাৰী ক`ৰণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সকলোকে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সজাগতা সৃষ্টিৰ বাবে ক্ষুদ্ৰ কাঠৰ টুকুৰাত অংকন কৰা মাস্কৰ ছবিয়ে সকলোকে আকৰ্ষিত কৰিছে। হাজো ধোপৰগুৰিৰ নিবাসী জ্যোতিস্মিতা ওজা হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী।
খবৰ যুগুতালে হাজোৰ পৰা দিপাংকৰ মজুমদাৰে..

Leave A Reply

Your email address will not be published.