মনত উৎসাহ, ধৈৰ্য্য থাকিলে অসম্ভৱ যেন লগা কামো সম্ভৱপৰ হৈ উঠে। ধৈৰ্য্য আৰু একাগ্ৰতাৰ বলত কোনো কাৰিকৰী জ্ঞান নোহোৱাকৈ এজন উদ্যমীয়ে প্ৰস্তুত কৰি উলিয়াইছে কেবাটাও মেচিন। কোনো যন্ত্রৰ আৰ্হি পালে প্ৰস্তুত কৰিব পাৰে একো একোটা মেচিন। এই বিৰল প্ৰতিভাৰ গৰাকী হ’ল ভবানন্দ দেউৰী। সেয়েহে চ’চিয়েল মেডিয়াত ভবানন্দ দেউৰীৰ বিষয়ে ব্যাপক ভাবে চৰ্চিত হৈছে। উল্লেখযোগ্য যে ভবানন্দ দেউৰীয়ে অতি কম খৰছত অনায়াসে কোনো খেতিয়কে ব্যৱহাৰ কৰিব পৰা খেতিৰ উপযোগী যন্ত্র প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰ ভিতৰত ধান খুন্দা যন্ত্র, ঘাঁহ নিৰনি কৰা যন্ত্র অন্যতম। আচলতে সুলভ মুল্যত যন্ত্র সমূহ বিক্ৰী কৰাৰ বাবে দিনে দিনে জনপ্ৰিয়তা বৃদ্ধি পাইছে। এই সম্পৰ্কে ভবানন্দ দেউৰীয়ে এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে কয়.. এই যে যন্ত্র সমূহ প্ৰস্তুত কৰা দেখিছে। ইয়াৰ অন্তৰালত একোটা কাহিনী আছে। আগতে অধিক দাম দি এই একে যন্ত্রকে ক্ৰয় কৰিছিলো। মোৰ হাতত তেতিয়া বৰ বিশেষ পইচা নাছিল। মোৰ দৰে বহুত নিবনুৱাই সমস্যাত পৰিছিল। তেতিয়াই এনে ধৰণৰ মেচিন প্ৰস্তুত কৰাৰ বাবে পণ কৰিছিলো। যাৰ বাবে পৰৱৰ্তী সময়ত গ্ৰাহকৰ চাহিদা অনুসৰি বিভিন্ন মেচিন প্ৰস্তুত কৰিবলৈ সক্ষম হ’লো। স্মতৰ্ব্য যে উচ্চ শিক্ষিত ভবানন্দ দেউৰীয়ে এসময়ত শিক্ষকতাৰ লগত জৰিত আছিল। তেখেতে এনে কৰ্মৰ জৰিয়তে সমাজত এক নতুন দিগন্ত সুচনা কৰিবলৈ সক্ষম হৈছে।
Trending
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ