লোকে লোকাৰণ্য হৈ পৰিল লতাশিল খেলপথাৰ।কেবৰ বিপক্ষে হাজাৰ হাজাৰ জনগণ স্বত:স্ফূতভাৱে ওলাই আহিল।শিল্পী,সাহিত্যিক,বুদ্ধিজীৱীৰ প্ৰচেষ্টাত জনসমাগম সৃষ্টি হ’ল।লতাশিল উপস্থিত হৈ আছুৰ উপদেষ্টা সমুজ্বল ভট্ৰাচাৰ্যই কয় যে আমি গান্ধীৰ অহিংসাৰ পন্থাৰে আন্দোলন কৰি যাম।লগতে তেখেতে মন্তব্য কৰে যে সমগ্ৰ উত্তৰ পূবতে ১১ ডিচেম্বৰৰ দিনটো ক’লা দিন হিচাপে পালন কৰিব।লতাশিলত শিল্পী জুবিন গাৰ্গে কয় যে শিল্পীয়ে মানুহৰ বাবে কাম কৰে,নেতা সকল মানুহৰ বাবে নহয়।উল্লেখযোগ্য যে শিল্পীগৰাকীয়ে অলপতে প্ৰত্যক্ষভাৱে অংশ নল’লেও ৰাজনৈতিক দল গঠন কৰাৰ কথা মন্তব্য কৰে।আজিৰ সমাবেশত বিশিষ্ট সাংবাদিক অজিত ভূঞা,মনজিত মহন্ত,মানস ৰবীনকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop