সোণোৱালী শস্যৰ দেশৰ সুবাস বিলাবলৈ আহিছে এক্সেল ষ্টাৰ্ট

0 272

1

অসমৰ বুকুত প্ৰথম বাবে খোজ দি স্বৰ্গদেউ চাউলুং চুকাফা বিমোহিত হৈ পৰিছিল অসমৰ বিমল প্ৰাকৃতিক সৌন্দৰ্যত । তেওঁ প্ৰেমত পৰিছিল এই প্ৰান্তৰ বিপুল উৰ্বৰা শক্তিৰ । পৰাক্ৰমী দুবাহুৰে তেওঁ গঢ়ি তুলিলে ধনে ধানে ভৰপূৰ, শস্য শ্যামলা এখন বৰ অসম । তাৰ পাছত লুইতৰ বুকুৱেদি বহু পানী বৈ গ’ল । আমি যেন পাহৰি পেলালোঁ সোণোৱালী শস্যৰ দেশৰ বিপুল উৰ্বৰতাৰ কথা । এই দেশৰ নৈসৰ্গিক সৌন্দৰ্যৰ কথা। আমাৰ অতীতটো আজি যেন আমাৰ বাবে হৈ পৰিল এক ৰূপকথা ।

এই ৰূপকথাকেই পুনৰ বাস্তৱত পৰিণত কৰিবলৈ আগবাঢ়ি আহিছে কেইজনমান উচ্চ শিক্ষিত আৰু অভিজ্ঞতাৰে ভৰপূৰ তৰুণৰ এক সংগঠন ,যাৰ নাম “এক্সেল ষ্টাৰ্ট” । মলয় বৰা, মনিশংকৰ দত্ত, ঋষিকান্ত কুমাৰ আৰু তিলক দাস দ্বাৰা প্ৰতিষ্ঠিত এই অনুষ্ঠানটো বদ্ধপৰিকৰ অসমৰ কৃষি আৰু পৰ্যটনৰ ক্ষেত্ৰ খনত এক ৰূপান্তৰ অনাৰ ।

 
2

কি হয় এই এক্সেল ষ্টাৰ্ট :

সহজ ভাষাত “এক্সেল ষ্টাৰ্ট” ন-উদ্যমী সকলৰ প্ৰশিক্ষণ দিয়া এক প্ৰতিষ্ঠান । অন্য শব্দত কব পাৰি তেওঁলোক উদ্যমী সকলৰ প্ৰতিষ্ঠাৰ যুঁজত সহযোগ দিয়া সু-প্ৰশিক্ষিত বাহিনী । যিকোনো ব্যৱসায়ৰ অত্যাধুনিক কৌশল, প্ৰযুক্তি তথা পুঁজি গঠন ইত্যাদি অন্যান্য প্ৰয়োজনীয় আনুষংগিক কথা সমূহ ইয়াত শিকোৱা হয় । “এক্সেল ষ্টাৰ্ট”এ বিশেষ ভাবে গুৰুত্ব দিছে অসমৰ কৃষি আৰু পৰ্যটনৰ ক্ষেত্ৰ খনত উদ্যমী সৃষ্টি কৰাত । অনুষ্ঠানটোৰ অন্যতম প্ৰতিষ্ঠাতা মলয় বৰাই Nefocus ক জনাই যে, অসমৰ গ্ৰাম্য অৰ্থনীতিত কৃষি আৰু পৰ্যটনৰ বিকাশে এক আমূল পৰিৱৰ্তন আনিব পাৰে । কিন্তু বাস্তৱত এই দুটা ক্ষেত্ৰ অসমত এতিয়াও এলাগী হৈ আছে । যদিও শেহতীয়াভাৱে বহুতো উদ্যমী এইক্ষেত্ৰত আগবাঢ়ি আহিছে , গৰিষ্ঠ সংখ্যকেই কিন্তু উপযুক্ত জ্ঞান আৰু কৌশলৰ অভাৱত এটা পৰ্যায়ত থমকি ৰ’ব লগা হৈছে অথবা বিফল হৈ গৈছে । “এক্সেল ষ্টাৰ্ট”ৰ প্ৰধান লক্ষ্য এই স্থবিৰতা আঁতৰ কৰি তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰাটো । তাৰ উপৰিও ন-উদ্যমী সকলক প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই তেওঁলোকে দিশ নিৰ্দেশনা দিবলৈ যত্ন কৰিব ।
“এক্সেল ষ্টাৰ্ট”এ ইতিমধ্যে কানাডা, ফিলিপাইনছ,হাইদৰাবাদ,গুৱাহাটীকে ধৰি দেশ বিদেশৰ বহু ন-উদ্যমীক ব্যৱসায় সফলতাৰে পৰিচালন আৰু পৰিবৰ্ধন কৰিবলৈ সহায় আগবঢ়াইছে । তেওঁলোক বিশেষ ভাৱে আগ্ৰহী অসমৰ গাঁৱে ভুঞে লুকাই থকা আগ্ৰহী উদ্যমী সকলক সহায় কৰিবলৈ ।

3

বিশেষভাবে উল্লেখযোগ্য যে অসমৰ কৃষক সকলৰ সহায়ৰ বাবে মলয় বৰা আৰু তেওঁৰ বন্ধু সকলে বিশেষ ভাবে প্ৰস্তুত কৰিছে “খেত জ্ঞান” নামৰ এক কৃষি সম্পৰ্কীয় ৱেব পৰ্টেল ।
“এক্সেল ষ্টাৰ্ট”ৰ সোণোৱালী শস্যৰ দেশৰ সুবাস বিলোৱা এই প্ৰচেষ্টাৰ প্ৰতি Nefocusৰ তৰফৰ পৰা অলেখ শুভেচ্ছা জনাইছো ।

লেখক: ধ্ৰুৱ জ্যোতি অৰ্জুনা

Leave A Reply

Your email address will not be published.