অসম পৰ্যটন উন্নয়ন নিগম আৰু অসম চৰকাৰৰ সহযোগত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব লগা অম্বুবাচী মেলাৰ প্ৰসংগত আজি পৰ্যটন বিভাগত এক সংবাদ মেল আয়োজন কৰে। সংবাদমেলত নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে ধৰ্মীয় পৰ্যটনৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। বিশেষকৈ খোৱাপানী, চাফচিকুনতা, অনাময়ৰ কাৰণে সুব্যৱস্থা গঢ়ি তোলা হ’ব বুলি সদৰী কৰে। ইতিমধ্যে অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত অম্বুবাচী প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিজ্ঞাপনৰ ব্যৱস্থা কৰা কথা সদৰী কৰে। স্মৰ্তব্য যে দেশৰ ৮১ টা আগশাৰী মন্দিৰত এই বিজ্ঞাপন প্ৰচাৰ কৰা হৈছে। ভক্ত তথা পৰ্যটক সকলে অম্বুবাচী কেইদিন নীলাচল পাহাৰত নিৰিবিলি সৌন্দৰ্যৰ মাজত কটাব পৰাকে থকা আৰু খোৱাৰো সুব্যৱস্থা কৰিছে। বিশেষকৈ মেখেলা উজোৱা পথটো মেৰামতি কৰাৰ কথা জানিবলৈ দিয়ে। এয়া আছিল অম্বুবাচী প্ৰাক্ক্ষণৰ কিছু বতৰা। আশা কৰা হৈছে এনে ধৰণৰ ধৰ্মীয় পৰ্যটনে ৰাজহ বৃদ্ধি কৰাত সহায়ক হ’ব।
Trending
- কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাত উলহ মালহৰে স্বাধীনতা দিৱস উদযাপন
- মন্ত্ৰী অজন্তা নেওগৰ মহানুভৱতা- দৰমহাৰ ধনেৰে সাজি দিলে দলীয় কৰ্মকৰ্তাৰ ঘৰ
- এইচ ডি এফ চি বেঙ্কে প্ৰৱঞ্চনাৰ পৰা মুক্ত হোৱাৰ প্ৰসাৰৰ বাবে ‘ভিজিল আণ্টি’ অভিযান আৰম্ভ কৰিছে
- চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন
- জামুগুৰিহাটত ব্যতিক্ৰমী ভাৱে স্বাধীনতা দিৱস উদযাপন
- ৰঙিয়াত মাৰোবাড়ী যুৱ মঞ্চৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰ্ণিল কাৰ্যসূচী ৰূপায়ন
- ৰং তুলিকাৰ পৰশত জামুগুৰিহাটত জীৱন্ত ৰূপত দৃশ্যমান হৈছে স্বাধীনতা সংগ্ৰামৰ দেশপ্ৰেমমূলক দৃশ্য
- সপ্তম বৰ্ষত ভৰি দিলে এন ই ফকাচ ডট কমে
- ঐতিহাসিক চতিয়া থানাত দেৱাল অংকনত ৰং তুলিকা হাতত ল’লে বিধায়ক পদ্ম হাজৰিকাই
- গুৱাহাটী বিশ্ববিদ্যালয়ত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস আৰু আজাদী কা অমৃত মহোৎসৱ উদযাপন