কপৌ ফুলৰ আদৰ বঢ়াৰ সময়ত চৰ্চিত এজন ব্যক্তি

0 420

আমাৰ স্থানীয়ভাৱে পোৱা ফুলবোৰৰ এক সুকীয়া বৈশিষ্ট্য আছে। প্ৰতিজোপা ফুলৰ অন্তৰালত একো একোটা লোককাহিনী জৰিত আছে। নক’লেও হ’ব যে কপৌফুলক কি দৃষ্টিৰে আমাৰ সমাজে চায়। অতীজৰে পৰা কপৌফুলক লৈ মানুহৰ আদৰ আছে, আৰু থাকিব। এয়াই সত্য।

পাহাৰ বগাই বগাই কপৌফুল আনিবলৈ কাৰো আহৰি নহ’লেও এঘৰ মানুহৰ ঘৰত গ’লে কিন্তু, কপৌফুল পাবই পাব ! কি ৰঙৰ কপৌ ফুল লাগিব আপোনাক? ৰঙা, হালধীয়া, বেঙুনীয়া আৰু নে বগা? বিহু সময়। সেযেহে এই বিশেষ মানুহ ঘৰৰ নাম সৰ্বত্ৰ চৰ্চা হৈছে। আমিও উৎসৰ পম খেদি বিচাৰি উলিয়াইছিলো ডিব্ৰুগড়ৰ টিপমীয়াৰ বিমান প্ৰসাদ লাহন নামৰ ব্যক্তিজনক।

পেছাত পোষ্ট মাষ্টৰ বিমান প্ৰসাদ লাহনৰ বাৰীত আছে বিভিন্ন প্ৰজাতিৰ কপৌফুল। প্ৰায় ২৫ বিধ প্ৰজাতিৰ কপৌ ফুলৰ ফুলে জাতিস্কাৰ হৈ পৰা বাৰীখনৰ গৰাকী বিমান প্ৰসাদ লাহনে Nefocus.comক কপৌফুলৰ সম্পৰ্কে এনেদৰে কয়— আজিৰ পৰা কিছু বছৰৰ আগৰ কথা। ফুলৰ প্ৰতি মোৰ মোহ যথেষ্ট আছিল। যাৰ বাবে বিভিন্ন ঠাইৰ পৰা ফুল আনি বাৰীত লগাইছিলো। আমাৰ বাৰীত তামোল, কঠাল গছেই আছিল। গতিকে তাত কপৌ ফুল লগাইছিলো।

সময়ে সময়ে পানী দি স্প্ৰে কৰিছিলো। কিছু সংখ্যক টাবত লগাইছিলো। অৱশ্যে ফুল অথবা বাঁহ সংৰক্ষণৰ কাৰ্য্যটো দেউতাৰ দিনৰে পৰা আছিল। কৰ্মব্যস্ততাৰ বাবে ফুলবোৰ প্ৰতিপালনত সিমান সময় দিব পৰা নাই যদিও সময় পালে যতন লও – এই মন্তব্য বিমান প্ৰসাদ লাহনৰ। দিনে দিনে বিলুপ্তিৰ পথত আগবঢ়া, ভিন্ন প্ৰজাতিৰ কপৌফুলবোৰ এনেদৰে সংৰক্ষণ কৰা কাৰ্য্যই ইতিবাচক বাৰ্তা বিলাইছে।



Leave A Reply

Your email address will not be published.