গণতন্ত্ৰ দিৱসৰ বিশেষ চিন্তাৰে..

0 541

আজি গণতন্ত্র দিৱস।সমগ্র দেশতে গণতন্ত্র দিৱস উলহে মালহে উদযাপিত হৈছে।১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান বলবৎ হয়।এই দিৱসটো সমগ্র দেশবাসীৰ বাবে গুৰুত্বপূৰ্ণ। কিয়নো সকলো জাতি,বৰ্ণ,ধৰ্ম নিৰ্বিশেষৰ বাবে সমতা,স্বাধীনতা ৰক্ষা কৰি এখন সংবিধান গৃহীত হৈছিল।সংবিধান খন প্ৰস্তুত কৰোতে প্ৰায় ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল।ভাৰতৰ সংবিধানক বিশ্বৰ অন্যতম বৃহৎ সংবিধান হিচাপে গণ্য কৰা হয়।কিয়নো গণতান্ত্রিক সমাজ ব্যৱস্থাৰ বহু দিশ খুঁতি নাটি মাৰি সংবিধান প্ৰস্তুত কৰা হৈছে।সেয়েহে প্ৰত্যেক বছৰে ২৬ জানুৱাৰীত গণতন্ত্র দিৱস উদযাপন কৰা হয়।কিন্তু প্ৰশ্ন হয়  বৰ্তমানে দেশে গণতান্ত্রিক সমাজ  ব্যৱস্থা বাহাল ৰাখিবলৈ সক্ষম হৈছেনে?গান্ধীৰ অহিংসা নীতিক কিমান জনে ধৰি ৰাখিছে?মানৱীয়তাৰ মূল্যবোধৰ অৱক্ষয় ঘটিছে।আজিৰ তাৰিখত এই কথাষাৰ অতিকে তাৎপৰ্য্যপূৰ্ণ হৈ উঠিছে।সেয়া যিয়ে নহওক কিয় আজিৰ তাৰিখটো সমগ্র দেশবাসীৰ মাজত গণতান্ত্রিক চেতনা জাগ্রত হৈ আছে।সদৌ শেষত সকলোকে ৭১ সংখ্যক গণতন্ত্র দিৱসৰ শুভেচ্ছা জনালো।জয় হিন্দ।
সংগীতা শইকীয়া
সম্পাদক

Leave A Reply

Your email address will not be published.