দুটা গুৰুত্বপূৰ্ণ খবৰ

0 260

সমগ্ৰ ৰাজ্যতে উৎকট গৰমৰ প্ৰভাৱ পৰিছে। ঘৰত থকা সকলে অলপমান সকাহ পালেও, বাহিৰলৈ কামৰ বাবে ওলোৱা সকলে ত্ৰাহিমধুসূধন দেখিছে। সেয়েহে মহানগৰীৰ ৰাজপথত অথবা বজাৰত মানুহৰ সমাগম কমিছে। অসম তথা উত্তৰ পূবৰ ভিতৰত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা থকা জিলাখন হ’ল উত্তৰ লখিমপুৰ। বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে দিয়া তথ্য অনুসৰি উত্তৰ লখিমপুৰৰ সৰ্বোচ্চ তাপমান ৩৯ ডিগ্ৰী চেলচিয়াছ। আনহাতে সচৰাচৰ আমি ঠাণ্ডা ঠাই বুলি গণ্য কৰা শ্বিলঙৰ আজিৰ তাপমাত্ৰা হ’ল ২৮.২ ডিগ্ৰী চেলচিয়াছ। উত্তৰ পূবৰ ভিতৰত আজিৰ দিনটোত আটাইতকৈ তাপমাত্ৰা কম হোৱা ঠাই খন হ’ল মণিপুৰৰ ইম্ফল চহৰ। প্ৰাপ্ত তথ্য অনুসৰি ইম্ফলৰ সৰ্বোচ্চ তাপমাত্ৰা ২৭.৬ ডিগ্ৰী চেলচিয়াছ। মেঘালয়ৰ চেৰাপুঞ্জীয়ে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিলে। স্মৰ্তব্য যে ১৯৯১ চনৰ ২১ আগষ্টত চেৰাপুঞ্জীৰ সৰ্বোচ্চ তাপমান আছিল ২৯.৫ ডিগ্ৰী চেলচিয়াছ। কিন্তু আজি সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি চেৰাপুঞ্জীৰ সৰ্বোচ্চ তাপমাত্ৰা হ’লগৈ ৩৩.৩ ডিগ্ৰী চেলচিয়াছ। মৌচুমী বায়ুৰ প্ৰভাৱ আৰু জলবায়ুৰ প্ৰভাৱৰ ফলত এনেধৰণে বতৰৰ তাপমাত্ৰা বৃদ্ধি পোৱাৰ কথা বিজ্ঞানী সকলে জানিবলৈ দিয়ে। বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী অতুল সিঙে কয় যে বতৰৰ পূৰ্বৰ অনুমান অনুসৰি ২১ আগষ্টৰ পৰা ২৩ আগষ্ট পৰ্য্যন্ত অসমৰ ৫০% ৰ পৰা ৭০ % অঞ্চলত বৰষুণ হোৱা সম্ভৱনা আছে। এয়া আছিল বতৰৰ ওপৰত যুগুত কৰা এক খবৰ।

আনহাতে সমগ্ৰ দেশৰ লগতে অসমতো ৱল্ড ফটোগ্ৰাফী ডে’ উদযাপিত হয়। এই দিৱস উপলক্ষে গুৱাহাটী প্ৰেচ ক্লাৱত আচাম ফটো জাৰ্ণালিষ্ট এচ’চিয়েচনে এক অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ফটো সাংবাদিক বিজু বড়োৰ এক ফটো প্ৰদৰ্শনী অনুষ্ঠিত হয়। অনুষ্ঠানত ৬০ বছৰে ফটো সাংবাদিক হিচাপে সেৱা আগবঢ়োৱা কিৰণ মুৰ্খাজীক সমৰ্দ্ধনা জনায়। ফটোগ্ৰাফীৰ গুৰুত্ব আৰু সম্ভাৱনীয়তাৰ বিষয়ে বিভিন্ন জন বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে। উল্লেখযোগ্য যে অসমত ১৯৯৫ চনৰ পৰা এই বিশেষ দিনতো  উদযাপন হৈ আহিছে। অনুষ্ঠানত কুলধৰ শইকীয়া, দিলীপ চন্দন, সঞ্জীৱ ফুকন, নৱ ঠাকুৰীয়া, অচ্যুত পাটোৱাৰী, নৰেশ কলিতা, মুনীন বায়ন আদি কৰি বহুতো ব্যক্তি উপস্থিত থাকে। 


Leave A Reply

Your email address will not be published.