ফেক নিউজ অথবা উত্তেজনাপূৰ্ণ বাতৰি পৰিহাৰ কৰক-বিশ্ব প্ৰেছ স্বতন্ত্ৰ দিৱসৰ বিশেষ লেখা

0 273

আজি বিশ্ব প্ৰেছ স্বতন্ত্ৰ দিৱস ।প্ৰেছৰ স্বাধীনতা, ক্ষমতাৰ সম্পৰ্কে চৰকাৰ প্ৰশাসনক অৱগত কৰাৰ লগতে জনসাধাৰণৰ বাক স্বাধীনতা যাতে খৰ্ব নহয় এই দিৱস উদযাপনৰ এই  প্ৰাসংগিকতা অন্তনিহিত হৈ আছে।১৯৯১চনত আফ্ৰিকাত প্ৰথম প্ৰেছ দিৱস উদযাপন হৈছিল ।এইবাৰৰ প্ৰেছ দিৱসৰ থিম হ’ল গণতন্ত্ৰৰ বাবে সংবাদ মাধ্যম ।বিশেষকৈ গণতান্ত্ৰিক দেশত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।জনমত গঠন কৰাৰ পৰা আৰম্ভ কৰি সমাজ এখনক সুস্থভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ যথেষ্ট গুৰুত্ব আছে।বিশ্ব প্ৰেছ স্বতন্ত্ৰ দিৱসৰ দিনা আমি কথাপাতিছিলো বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়াৰ সৈতে ..তেখেত এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে মন্তব্য কৰে।পূৰ্বৰ তুলনাত প্ৰেছৰ পৰিয়াল বাঢ়িছে ।নকৈ প্ৰেছৰ লগত অলটাৰনেট মেডিয়া সংযুক্ত হৈ পৰিছে।বিশ্বৰ ৩০ কোটি মানুহে যদি ইণ্টাৰনেট ব্যৱহাৰ কৰে বুলি ধৰা হয়।সেই হিচাপত অলটাৰনেট মেডিয়াৰ প্ৰসংগটো অধিক সংবেদনশীল ।সেয়েহে সাংবাদিক সকল অধিক দায়িত্বশীল হোৱাটো জৰুৰী ।জনসাধাৰণক লৈ আগবাঢ়িব লাগিব, নিৰপেক্ষভাৱে, দায়িত্বশীলহৈ কাম কৰিব লাগিব ।আনহাতে বিশ্ব প্ৰেছ দিৱসৰ সম্পৰ্কে বিশিষ্ট সাংবাদিক মাইনী মহন্তই তেখেতৰ অনুভৱ এনেদৰে ব্যক্ত কৰে- সাংবাদিকসকলৰ স্বাধীনতা খৰ্ব  হোৱা দেখা গৈছে ।ই অতি পৰিতাপৰ কথা ।অসমতো সাংবাদিক হত্যা লগতে নিৰ্যাতন ঘটনা দিনকদিনে বৃদ্ধি পাইছে ।সাংবাদিক সকলেও সত্য বাতৰিতেহে গুৰুত্ব দিব লাগে ।মই ভাবো সাংবাদিক সকলৰ বাবেও এখন কঠোৰ আইন প্ৰণয়ন হ’ব লাগে।এয়া আছিল দুগৰাকী বিশিষ্ট সাংবাদিকৰ আজিৰ দিনটোত দিয়া  মন্তব্য ।আগন্তুক দিনতোও সাংবাদিকসকলে নিজৰ লগতে জনসাধাৰণৰ সুৰক্ষা প্ৰতি অধিক দায়বদ্ধ হৈ কাম কৰক, ফেক নিউজ অথবা উত্তেজনাপূৰ্ণ বাতৰি পৰিবেশনত সৰ্তকতা অৱলম্বন কৰক আজি প্ৰেছ দিৱসত তাকে কামনা কৰিলো।সদৌ শেষত সমূহ সাংবাদিকক বিশ্ব প্ৰেছ স্বতন্ত্ৰ দিৱস শুভেচ্ছা জ্ঞাপন কৰিলো ।

সংগীতা শইকীয়া
সম্পাদক

Leave A Reply

Your email address will not be published.