বীৰ চিলাৰায়ৰ বহু নজনা কথাৰে

0 389

প্ৰাচীন কিংবদন্তি আৰু বিশ্ব ইতিহাসৰ পাতত দেশপ্ৰেম , বীৰত্ব , সাহস ,সহিষ্ণুতা আদিৰে জিলিকি থকা বীৰজনেই হ’ল মহাবীৰ চিলাৰায়। ১৫১০ খ্ৰীষ্টাব্দৰ মাঘ মাহৰ পৱিত্ৰ মাঘী পূৰ্ণিমা তিথিত মহাৰাজ বিশ্বসিংহ আৰু দেৱী পদ্মাবতীৰ ঔৰসত চিলাৰায়ে জন্মগ্ৰহণ কৰে। পিতৃৰ নিৰ্দেশ মৰ্মে আৰু ভাতৃ প্ৰেম অক্ষুণ্ণ ৰাখি চিলাৰায়ে সেনাপতিৰ দায়িত্ব পালন কৰি নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা বিশ্বৰ আগশাৰীৰ এজন বীৰ যোদ্ধা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল।
মহাবীৰ চিলাৰায় কোচসকলৰ সৰ্ব্বশ্ৰেষ্ঠ ৰজা মহাৰাজ নৰনাৰায়ণৰ অকল ভায়েকে নাছিল। চিলাৰায় মহাৰাজ নৰনাৰায়ণৰ সোঁহাতস্বৰূপ আছিল। লগতে তেওঁ এজন সুদক্ষ সেনা নায়ক আছিল । তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে তেওঁক চিলাৰায় বুলি কোৱা হয়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেয়ে তেওঁক চিলাৰায় দেৱান বুলিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোচ ৰাজ্যৰ প্ৰসাৰ আৰু প্ৰভাৱ বৃদ্ধিত যথেষ্ট অৰিহণা আছে ।
বিশ্বসিংহৰ মৃত্যুৰ সময়ত তেওঁৰ বৰপু্ত্ৰ মল্লদেৱ আৰু শুক্লধ্বজ কাশীত অধ্যয়ন কৰি আছিল। তেওঁলোক বাহিৰত থকাৰ সুযোগ লৈ নৰসিংহ নামে আন এজন পুতেকে ৰজা হৈ ৰাজপাটত বহে । এই খবৰ পাই দুয়ো ভায়েক কাশীৰপৰা আহি যুদ্ধত নৰসিংহক হৰুৱাই ১৫৩৪ খ্ৰীষ্টাব্দত মল্লদেৱে নৰনাৰায়ণ নাম লৈ ৰাজপাটত উঠে আৰু ভায়েক শুক্লধ্বজ যুৱৰাজ হয় । ৰাজ-অভিষেক হোৱাৰ সময়ত শুক্লধ্বজক সংগ্ৰাম সিংহ নাম দিয়া হয়। ইয়াৰ পিছতে চিলাৰায়ৰ জীৱনৰ আন এক অধ্যায় আৰম্ভ হয়।
ৰাজপাটত উঠিয়ে নৰনাৰায়ণে পিতৃ ৰাজ্য বঢ়াবলৈ মন কৰে আৰু শুক্লধ্বজৰ সহায়ত কোচ ৰাজ্যৰ বিস্তাৰৰ কাম আৰম্ভ কৰে। চিলাৰায়ে সেনাপতিৰ দায়িত্ব লৈয়ে পিতৃ বিশ্বসিংহই পৰাজয় বৰণ কৰি হেৰুওৱা আহোম ৰাজ্য পুনৰ উদ্ধাৰৰ বাবে ১৫৪৬ খ্ৰীষ্টাব্দত এদল কোচ সৈন্য আহোম ৰজাৰ বিৰুদ্ধে আক্ৰমণ কৰে । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি আগবাঢ়ি কোচ সেনাই দিকৰাই নদী পায় আৰু তাতেই আহোম ৰজা চুক্লেন্মুঙক পৰাজিত কৰে। তাৰ পিছত কলিয়াবৰ আৰু শলাৰ যুদ্ধতো আহোমক সম্পূৰ্ণৰূপে পৰাস্ত কৰে। এই যুদ্ধ চলি থকাৰ সময়তে কোচৰজাই আন এজন ভায়েক গোহাঁইকমলৰ হতুৱাই ৰাজধানী কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে ৩৫০ মাইল দীঘল আলিবাট বন্ধায়। এই আলিৰ চিন ঠায়ে ঠায়ে এতিয়াও আছে। ইয়াক গোহাঁইকমল আলি বুলি কোৱা হয়।
ইয়াৰ পিছতে চিলাৰায়ে কছাৰী ৰাজ্য আক্ৰমণ কৰে।কছাৰী ৰজাই পৰাস্ত হৈ বশ্যতা স্বীকাৰ কৰি লয়। আকৌ ১৯৬৩ খ্ৰীষ্টাব্দত চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰি ৰাজধানী গড়গাঁও নিজৰ দখললৈ আনে । আহোম ৰজা চুখামখা চৰাই-খোৰোঙলৈ পলাই যায়। কেইমাহমান পিছত আহোম ৰজাই সন্ধি কৰে আৰু সন্ধিমতে কোচৰজাৰ বশ্যতা স্বীকাৰ কৰি লয়। লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ ৰাজ্যখিনি কোচৰজাক এৰি দিয়ে আৰু বহুতো সোণ , ৰূপ ,হাতীৰ সৈতে অন্যান্য বস্তু ক্ষতিপূৰণ হিচাপে দিয়াৰ লগতে কেইবাজনো ডাঙৰীয়াৰ ল’ৰা ওল হিচাপে কোচৰজাৰ ওচৰলৈ পঠিয়াব লগীয়া হয়।
ইয়াৰ পিছতে চিলাৰায়ে মণিপুৰৰ ৰজাৰ ওচৰলৈ কটকী পঠোৱাত ৰজাই ভয়তে বশ্যতা স্বীকাৰ কৰি কৰতলীয়া ৰজা হিচাপে মানি লয়। তাৰ পিছতে চিলাৰায়ে জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰে আৰু ৰজাৰ পুতেকক ৰজা পাতি দিয়ে।
এনেদৰে চিলাৰায়ে ত্ৰিপুৰাৰ ৰজাকো যুদ্ধত হৰুৱাই বধ কৰে আৰু বছৰি কৰ দিবলৈ মান্তি হোৱাত তেওঁৰ পুতেকক তাত ৰজা পাতি দিয়া বুলি জনা যায়। তাৰ পিছত চিলেটৰ ৰজাকো চিলাৰায়ে যুদ্ধত বধ কৰি ভায়েকক কৰতলীয়া ৰজা পাতে। এনেকৈ আন ৰজাসকলে এইবোৰ দেখি ভয়তে চিলাৰায়ৰ স্বীকাৰ কৰি লৈছিল।
এইখিনিলৈকে চিলাৰায়ে কোনো যুদ্ধত হৰা নাছিল। ইয়াৰ পিছত তেওঁ ১৫৬৮ খ্ৰীষ্টাব্দত শক্তিশালী গৌড় ৰাজ্য আক্ৰমণ কৰে। এই যুদ্ধত চিলাৰায় সম্পূৰ্ণৰূপে পৰাস্ত হয় আৰু গৌড় ৰজা চলেমান কোৰবানীৰ হাতত বন্দী হয়। গৌড় ৰজাৰ সেনাপতি কালাপাহাৰে তেজপুৰলৈ আগবাঢ়ি আহে আৰু কামাখ্যা , হাজো আদি ঠাইৰ মন্দিৰবোৰ ভাঙি উভতি যায়।কোৱা হয় যে কালাপাহাৰ আদিতে হেনো ব্ৰাহ্মণ আছিল। পিছলৈ হিন্দুধৰ্মৰ কিছুমান কাম-কাজত অতিষ্ঠ হৈ মুছলমান ধৰ্ম গ্ৰহণ কৰে। তেতিয়াৰে পৰা হিন্দুৰ মঠ-মন্দিৰবোৰ ধ্বংস কৰাটোৱে তেওঁৰ জীৱনৰ ব্ৰত কৰি লয়।
কিছুদিন গৌড় ৰজাৰ হাতত চিলাৰায় বন্দী হৈ থকাৰ পিছত এদিন গৌড় ৰজাৰ মাকক সাপে খুটিলে। চিলাৰায়ে তেওঁক আৰোগ্য কৰাত গৌড়ৰজাই সন্তুষ্ট হৈ চিলাৰায়ক মুক্তি দিয়ে। কিছুবছৰ পিছত ১৫৭৬ খ্ৰীষ্টাব্দত মোগল সম্ৰাট আকবৰে গৌড়ৰাজ্য আক্ৰমণ কৰাত কোচৰজা নৰনাৰায়ণে তেওঁক সহায় কৰে আৰু চিলাৰায়ে এদল সৈন্য লৈ পূবফালৰ পৰা গৌড় ৰাজ্য আক্ৰমণ কৰে। তেতিয়াৰ পৰাই আকবৰৰ লগত নৰনাৰায়ণৰ মিত্ৰতা হয়।
ইয়াৰ পিছত চিলাৰায়ে মোগলৰ লগলাগি ১৫৭৬ খ্ৰীষ্টাব্দত গংগাৰ পাৰত মাচুম কাবুলৰ লগত যুদ্ধ কৰে। সেই সময়তে তেওঁ বসন্ত ৰোগত আক্ৰান্ত হয় অৰু গংগাৰ তীৰতে বীৰজনে ইহলীলা সম্বৰণ কৰে।
সমৰ-কুশলী চিলাৰায়ে সেনাসকলৰ সুৰক্ষাৰ লগতে সকলো কাম-কাজত তীক্ষ্ণ দৃষ্টি ৰাখিছিল আৰু ৰাজ্যৰ শাসন ব্যৱস্থা সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয় আদি খন্দাৰ লগতে ৰাজ্যৰ বিভিন্ন লোকক বৃত্তি দান আদিৰ ব্যৱস্থা কৰাই দিছিল। ককায়েক নৰনাৰায়ণৰ আদেশ মতে দুয়ো লগলাগি কামাখ্যা মন্দিৰ, হয়গ্ৰীৱ মন্দিৰ , সূৰ্যমন্দিৰ, ভৈৰৱী মন্দিৰ আদি নিৰ্মাণ কৰিছিল।
বীৰ চিলাৰায় আৰু মহাৰাজ নৰনাৰায়ণ দুয়ো বিদ্বান অাৰু বিদ্যানুৰাগী আছিল। তেখেতসকলে পণ্ডিতক বিশেষভাৱে আদৰ-যত্ন কৰিছিল। কোনো দূৰ-দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞানচৰ্চ্চা কৰিছিল। চিলাৰায়ৰ সহায়তেই শ্ৰীমন্ত শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। শংকৰদেৱ – মাধৱদেৱৰ উপৰিও পুৰুষোত্তম বিদ্যাবাগীশ ৰাম সৰস্বতী, অনিৰুদ্ধ , শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰনাৰায়ণৰ সভা উজ্বলাই তুলিছিল। ইয়াত চিলাৰায়ৰ কৃতিত্ব বিশেষস্বৰূপ আছিল। প্ৰাচীন কমতাপুৰ ৰাজ্যৰ কোচবংশৰ বিদগ্ধ পণ্ডিত আৰু বিশ্ব বিখ্যাত যোদ্ধা মহাবীৰ চিলাৰায় অসমৰ লগতে ভাৰতবৰ্ষ তথা বিশ্ববাসীৰ গৌৰৱ সদায়ে ইতিহাসৰ পাতত জিলিকি থাকিব ।
নমিতা ৰায়

Leave A Reply

Your email address will not be published.