ৰাজ্যৰ ৰাজনীতিৰ লগত জড়িত দুটা খবৰ। খবৰ দুটাৰ উৎস পৃথক যদিও দুয়োটা খবৰে ৰাজনীতিৰ এক বাৰ্তা বহন কৰিছে। প্ৰকাশ পালে কালচক্ৰৰ পূৰ্ণাংগ পঞ্জিকা। আজি গুৱাহাটী প্ৰেছ ক্লাৱত উমাকান্ত দেৱ শৰ্মা শাস্ত্ৰীয়ে পঞ্জিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উন্মোচনৰ পিছতেই ব্যক্ত কৰে বহুকেইটা খবৰ। প্ৰখ্যাত জ্যোতিষী পুলিন চন্দ্ৰ দেৱ শৰ্মাই প্ৰস্তুত কৰা পঞ্জিকাখনৰ সম্পৰ্কত জনায় যে বৈজ্ঞানিক আৰু পৌৰাণিক নীতিৰ আধাৰত পঞ্জিকাখন প্ৰস্তুত কৰা হৈছে। ৰাজ্য চৰকাৰৰ ভিতৰ চ’ৰাত ব্যাপক খেলিমেলি থাকিব বুলি মন্তব্য কৰি কয় যে, আগন্তুক বৰ্ষত মুখ্যমন্ত্ৰী সালসলনি হোৱাৰ কোনো থল নাই। মুখ্যমন্ত্ৰীগৰাকীৰ বিবাহৰ কথা উল্লেখ নকৰিলেও নাৰী শক্তিৰ সংস্পৰ্শত থাকিব বুলি তেখেতে উল্লেখ কৰে। লগতে ভৱিষ্যতবাণী কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা শুভ সময় সমাগত। নাগৰিকত্ব বিধেয়ক গৃহীত নোহোৱা প্ৰসংগটো গণনাত পোৱা গৈছে বুলি জানিবলৈ দিয়ে।আনহাতে কালি চ’চিয়েল মেডিয়াত ভাইৰেল হৈছিল ৩ খন বিশেষ ছবি। ছবিকেইখনত ৰাহুল গান্ধীৰ লগত অখিল গগৈ, সমুজ্জ্বল ভট্টাচাৰ্যৰ লগতে বিশিষ্ট বুদ্ধিজীৱি হিৰেণ গোঁহাইৰ লগত এটা দলৰ ফটো প্ৰকাশিত হৈছিল। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ পৰা এক সংবাদ মেলৰ যোগে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তই জনায় কোনো ৰাজনৈতিক স্বাৰ্থত আমি ৰাহুল গান্ধীক লগ কৰা নাই। কেৱল বিধেয়ক স্বাৰ্থতহে আমি এনেদৰে মিলিত হৈছিলো। ৰাহুল গান্ধীয়ে কৈছিল যে উত্তৰ পূৱৰ ভাষা, সংস্কৃতি, বুৰঞ্জীয়ে দেশক এক মাত্ৰা প্ৰদান কৰিছে। সেয়েহে সহযোগিতা আগবঢ়োৱা হ’ব। এই সম্পৰ্কত সংবাদমেলত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আমি শেষ পৰ্য্যায়লৈকে সজাগ থাকিম। জনতা দল ইউনাইটেড, উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু আমাৰ পক্ষত আছে। তেখেতসকলে অসমত জোৰদাৰ প্ৰতিবাদ কৰিবলৈ আমাক জনাইছে।
Trending
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা
- গোলাই চোৰ ২০২৫ বৰ্ষৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত