শিক্ষক দিৱসৰ বিশেষ

0 303
আজি ৫ছেপ্টেম্বৰ, শিক্ষক দিৱস। সমগ্ৰ দেশতে শিক্ষক সমাজক শ্ৰদ্ধা নিবেদন কৰি উলাহে মালহে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত শিক্ষাবিদ,দাৰ্শনিক ডঃসৰ্বপল্লী ৰাধাকৃষ্ঞণৰ ওপজা দিনটো জৰিত হৈ আছে। 
PicsArt_09-05-12.19.22
আচলতে আমাৰ সকলোৰে জীৱনত গুৰুৰ ভূমিকা অপৰিসীম। গুৰু অবিহনে কোনেও সফলতাৰ শিখৰত আৰোহন কৰিব নোৱাৰে। এইখিনিতে গুৰু বুলিলে তিনিধৰণৰ গুৰুৰ কথা মনলৈ আহে। শিক্ষা গুৰু,  দিক্ষা গুৰু আৰু ধৰ্মগুৰু। এই তিনিবিধ গুৰুৱে জীৱনৰ কোনোবা নহয় কোনোবা এটা দিশত প্ৰভাৱ পেলায়। ওপজা সময়ৰ পৰা জীৱনত জটিল ক্ষণলৈ প্ৰভাৱ পেলোৱা গুৰুৰ ভিতৰত আদিগুৰু পিতৃ- মাতৃ অন্যতম। তেওঁলোকৰ ভূমিকা অনবদ্য। আনহাতে শিক্ষা দিক্ষাৰে জীৱনৰ বাট বোলাবলৈ সক্ষম হোৱা গুৰু সকল তথা শিক্ষক সমাজৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। অতি কষ্ট,  পৰিশ্ৰমেৰে পাঠদান কৰি জ্ঞানৰ পোহৰ দেখুৱাবলৈ সক্ষম হোৱা সকলক আজিৰ এই বিশেষ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছো। 
এই বিশেষ দিনটোত আজি এনে এগৰাকী শিক্ষাগুৰুৰ কথা জনাব বিচাৰিছো, যিগৰাকী শিক্ষাগুৰুৱে এবছৰ, দুবছৰ নহয় সম্পূৰ্ণ ১০টা বছৰ কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে  উৎসৰ্গা কৰিছে। তেওঁ হ’ল নলবাৰীৰ পশ্চিম বৰিগোগ ধীৰদত্ত হায়াৰ ছেকেণ্ডাৰী  স্কুলৰ শিক্ষক কল্যান দাস। কল্যান দাসে এদিনো (চি,এল) কেজুৱেল লিভ নোলোৱাকৈ শিক্ষাদান কৰি আহিছে। জানিব পৰা মতে  তেওঁ ইয়াৰ পূৰ্বে বিভিন্ন ছাত্ৰ ছাত্ৰীক ঘৰতে বিনামূলীয়াকৈ শিক্ষাদান কৰিছিল। সেয়েহে  কল্যান দাসৰ খবৰে সংবাদ শীৰ্ষ দখল কৰিছে।
 
IMG-20170905-WA0047
শিক্ষক দিৱসৰ সংগতি ৰাখি আমি ভাৱ বিনিময়, কৰিছিলো বিভিন্ন জন শিক্ষকৰ লগত, জানিব বিচাৰিলো বৰ্তমান শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত। একাংশ শিক্ষকৰ মতে বৰ্তমান শিক্ষা ব্যৱস্থা যথেষ্ট ত্ৰুটিপূৰ্ণ। মাৰ্ক বেচি দেখুৱাই পাছ কৰি দিয়াৰ পৰি পৰিপ্ৰেক্ষিতত উচ্চ শ্ৰেণীত জটিলতাৰ সন্মুখীন হয়। আনহাতে সৰু সৰু কাৰণত আইন বাহাল থকাৰ বাবে বহু ক্ষেত্ৰত উপকাৰতকৈ অপকাৰ হোৱাহে দৃষ্টিগোচৰ হয়। আনহাতে গুণমহোৎসৱে এটা সুস্থ বাতাবৰণ, এটা ইতিবাচক দিশ উন্মোচিত কৰাৰ কথা মন্তব্য কৰে। 
IMG-20170905-WA0046 (1)
প্ৰিয় পাঠক, এয়া আছিল কিছু জনাই ভাল লগা ইতিবাচক খবৰৰ সম্ভাৰ। এনে ধৰণৰ খবৰৰ বাবে লগ অন কৰিবলৈ নাপাহৰিব www.nefocus.com .
Leave A Reply

Your email address will not be published.