লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদ দলে ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। আজিৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি দলটোৱে ৰাজ্যজৰি বুথ সভা অনুষ্ঠিত কৰে। দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি সকলো শীৰ্ষ নেতৃত্বই নিজ নিজ বুথৰ সভাত উপস্থিত থাকে। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই কয় যে, ৰাজ্যখনৰ প্ৰতিটো বিধান সভা সমষ্টিৰে বুথ পৰ্য্যায়ত আজি দলৰ সাংগঠনিক সভাসমূহ অনুষ্ঠিত হয়। এই সাংগঠনিক সভাৰ জৰিয়তে নিৰ্বাচন কেন্দ্ৰীক তৎতপৰতা বৃদ্ধি কৰাৰ লগতে তৃণমূল পৰ্য্যায়ৰ পৰা দলীয় সংগঠন শক্তি কৰাৰ ওপৰত বিষদ ভাৱে আলোচনা কৰা হয়। বুথ সভাসমূহৰ জৰিয়তে জনসাধাৰণ তথা ভোটাৰৰ লগত প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি তোলাৰ বাবে কাৰ্য্যসূচীও গ্ৰহণ কৰা হয়। বুথ সভাসমূহত দলীয় বিষয়ববীয়া আৰু সদস্যসকলৰ উপৰিও আঞ্চলিকতাবাদত বিশ্বাসী বহু লোকে অংশ গ্ৰহণ কৰে। সভাপতি তথা মন্ত্ৰী অতুল বৰাই বোকাখাতৰ নিজৰ বুথত উপস্থিত থকাৰ লগতে, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই কলিয়াবৰৰ নিজৰ বুথৰ সভাত অংশ গ্ৰহণ কৰে। অনুৰূপ ধৰণে দলৰ বিধায়কসকল, সাংসদ, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, নিগম নিকায়সমূহৰ অধ্যক্ষ-উপাধ্যক্ষ সকলৰ লগতে পৌৰ নিগম, পৌৰ সভা আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল আৰু কেন্দ্ৰীয় সমিতি, জিলা পৰিষদ, বিধান পৰিষদ, ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকলেও নিজৰ নিজৰ বুথৰ এই সভাত উপস্থিত থাকে।
Trending
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop