লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদ দলে ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। আজিৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি দলটোৱে ৰাজ্যজৰি বুথ সভা অনুষ্ঠিত কৰে। দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি সকলো শীৰ্ষ নেতৃত্বই নিজ নিজ বুথৰ সভাত উপস্থিত থাকে। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই কয় যে, ৰাজ্যখনৰ প্ৰতিটো বিধান সভা সমষ্টিৰে বুথ পৰ্য্যায়ত আজি দলৰ সাংগঠনিক সভাসমূহ অনুষ্ঠিত হয়। এই সাংগঠনিক সভাৰ জৰিয়তে নিৰ্বাচন কেন্দ্ৰীক তৎতপৰতা বৃদ্ধি কৰাৰ লগতে তৃণমূল পৰ্য্যায়ৰ পৰা দলীয় সংগঠন শক্তি কৰাৰ ওপৰত বিষদ ভাৱে আলোচনা কৰা হয়। বুথ সভাসমূহৰ জৰিয়তে জনসাধাৰণ তথা ভোটাৰৰ লগত প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি তোলাৰ বাবে কাৰ্য্যসূচীও গ্ৰহণ কৰা হয়। বুথ সভাসমূহত দলীয় বিষয়ববীয়া আৰু সদস্যসকলৰ উপৰিও আঞ্চলিকতাবাদত বিশ্বাসী বহু লোকে অংশ গ্ৰহণ কৰে। সভাপতি তথা মন্ত্ৰী অতুল বৰাই বোকাখাতৰ নিজৰ বুথত উপস্থিত থকাৰ লগতে, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই কলিয়াবৰৰ নিজৰ বুথৰ সভাত অংশ গ্ৰহণ কৰে। অনুৰূপ ধৰণে দলৰ বিধায়কসকল, সাংসদ, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, নিগম নিকায়সমূহৰ অধ্যক্ষ-উপাধ্যক্ষ সকলৰ লগতে পৌৰ নিগম, পৌৰ সভা আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল আৰু কেন্দ্ৰীয় সমিতি, জিলা পৰিষদ, বিধান পৰিষদ, ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকলেও নিজৰ নিজৰ বুথৰ এই সভাত উপস্থিত থাকে।
Trending
- Spear Corps Warriors felicitated Miss Minerva Jaishy All India Rank No 1,NCC Special Entry (OTA)
- অসমৰ মহিলা সাংবাদিক-সংবাদকৰ্মীৰ জীৱনপঞ্জী মুলক গ্ৰন্থ পৰিচয় প্ৰকাশৰ প্ৰস্তুতি জীৱন পঞ্জী জমা দিয়াৰ আহ্বান
- চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ সামৰণি
- খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কামৰূপ মহানগৰ জিলা ভিত্তিক তদাৰকী আৰু নিৰীক্ষণ সমিতিৰ বৈঠক সম্পন্ন
- *শিৱসাগৰত মহীয়সী জয়মতী স্মৃতি দিৱসত মন্ত্ৰী পীযুষ হাজৰীকা
- বি বৰুৱা মহাবিদ্যালয়ত ৮০ বছৰীয়া জয়ন্তী উদযাপন
- 2nd NTPC National Ranking Archery Tournament concludes at SAI, NEHU Campus, Shillong
- মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ লগতে আন কেইবাটাও বিভাগৰ সৈতে জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক
- ডিব্ৰুগড়-তিনিচুকীয়াত বিভাগীয় কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- বটদ্ৰৱাৰ নসত্ৰত নগাঁও জিলা সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস উদযাপন