অন্য এক শ্ৰৱণ কুমাৰৰ কথাৰে

0 249

লাহিঙৰ অন্য এগৰাকী শ্ৰৱণ কুমাৰৰ কাহিনী এতিয়া বিশেষ ভাৱে চৰ্চালৈ আহিছে৷
কাহিনীটো আৰম্ভ হৈছিল ২০১৩ চনৰ পৰা। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ডাঙৰ ল’ৰা আছিল শ্ৰৱণ মেচ৷তেতিয়া লাহিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল শ্ৰৱণ৷২০১৪ চনত মেট্ৰিক দিব। টেষ্ট পৰীক্ষাৰ শেষৰ পৰা মেট্ৰিকলৈকে বন্ধ, এক অৰ্থত ষ্টাডি লিভ।
 
 
কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে টেষ্ট পৰীক্ষাৰ পাছৰ পৰাই দৈনিক উপাৰ্জনৰ বাবে মিস্ত্ৰীৰ লগত যোগালিৰ কাম আৰম্ভ কৰে। তেনেকৈয়ে ২০১৪ত পৰীক্ষাত অৱতীৰ্ণ হৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ সময়ত তেওঁৰ চিনাকী হৈ পৰিছিল এক ভিতৰুৱা অঞ্চলৰ এগৰাকী অখ্যাত ৰাজমিস্ত্ৰীৰ সৈতে৷শিক্ষান্ত পৰীক্ষা পাছ কৰা পিছতে উচ্চতৰ মাধ্যমিকত নাম লগাইছিল শ্ৰৱণে৷ কিন্তু ভায়েক ভনীয়েক আৰু পৰিয়ালৰ দায়িত্ব কান্ধ পাতি লৈ ভায়েক ভনীয়েকৰ স্বাৰ্থত পঢ়া সাং কৰি দৈনিক উপাৰ্জনৰ পথ বাছি লয়।
 
২০১৪ ৰ পৰা ২০২০ লৈকে শ্ৰৱণৰ চিনাকি সলনি হ’ল৷ এতিয়া তেওঁৰ পৰিচয় এগৰাকী মিস্ত্রী৷কিন্তু ২২ বছৰ বয়সীয়া এজন সৰু ল’ৰাই এতিয়া পৰ্বতসম দায়িত্ব লৈ ভায়েক ভনীয়েকক লৈ সপোন পুহি ৰাখিছে৷ ভায়েকে বৰ্তমান অসমীয়া বিষয়ক সন্মান বিষয় হিচাপে লৈ স্নাতক পঢ়ি আছে আৰু ভনীয়েক বৃষ্টি মেচে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তথ্য প্ৰযুক্তি বিজ্ঞানত লেটাৰ মাৰ্ক্সসহ প্ৰথম বিভাগ বিভাগত উত্তীৰ্ণ হ’ল৷অতি ভিতৰুৱা অঞ্চলৰ এখন বিদ্যালয়,যৰ পৰা মাত্ৰ ৬ জনে প্ৰথম বিভাগ লাভ কৰিছে৷তেনে বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে বৃষ্টিয়ে৷যিখন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৫০% ৰ তলত৷
 
তেনে এটা পৰিৱেশৰ পৰা উত্তীৰ্ণ হৈ সকলোকে আনন্দিত কৰিছে বৃষ্টিয়ে আৰু বৃষ্টিৰ এই ফলাফলৰ আঁৰত আছে ককায়েক শ্ৰৱণ মেচ৷শ্ৰৱণৰ মৰম,ত্যাগ,কষ্ট আৰু আন্তৰিকতাৰ বাবে তাই আজি উজ্জ্বলি উঠিছে৷
 
শ্ৰৱণৰ ত্যাগৰ প্ৰকৃত মূল্য দিছে বৃষ্টিয়ে,আনন্দিত কৰি তুলিছে সকলোকে৷লাহিঙৰ অন্য এগৰাকী শ্ৰৱণ কুমাৰৰ কাহিনীয়ে এতিয়া বিশেষ ভাৱে চৰ্চালৈ আহিছে সংবাদ মাধ্যমটো৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে..

Leave A Reply

Your email address will not be published.