স্বচ্ছতাক মূল বিষয় হিচাপে লৈ এইবাৰ কামাখ্যা ধামত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব অম্বুবাচী মেলা’ ২০২২। অম্বুবাচী মেলা সঠিকভাৱে যাতে উদযাপন কৰিব পাৰি সেই লক্ষ্য আগত ৰাখি ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেইবাখনো সভা অনুষ্ঠিত কৰাৰ পিছত আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে এখন সংবাদ মেল সম্বোধন কৰে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰক্ষী প্ৰশাসন, পৌৰ নিগম আৰু জিলা প্ৰশাসনৰ আন-আন বিষয়া-বৰ্গ উপস্থিত থকা এই সভাত উপায়ুক্তগৰাকীয়ে আগন্তুক অম্বুবাচী মেলাৰ কিছু নীতি-নিৰ্দেশনা সদৰি কৰে। উপায়ুক্তগৰাকীয়ে কয় যে এইবাৰ অম্বুবাচী মেলাত কোনো লোকে বাহন ওপৰলৈ নিব নোৱাৰিব। ফুট হিলৰ পৰা কামাখ্যা মন্দিৰ প্ৰাঙ্গনলৈ পদ যাত্ৰা অথবা প্রশাসনে নিৰ্দিষ্ট কৰি দিয়া বাহনত জৰিয়তে যাব পাৰিব। ফুট হিলৰ পৰা কামাখ্যা মন্দিৰ প্ৰাঙ্গনলৈকে ৰাষ্টাত কোনো ষ্টল নাথাকিব। প্ৰশাসনৰ অনুমতি নথকা কোনো সংস্থা / সংগঠনে অম্বুবাচী মেলাত খাদ্য যোগান ধৰিব নোৱাৰিব। এইবাৰৰ অম্বুবাচী মেলাত ট্ৰেফিক নিয়ন্ত্ৰনত অধিক গুৰুত্ব দিয়া হব বুলি উপায়ুক্তগৰাকীয়ে সভাত ব্যক্ত কৰে। উল্লেখযোগ্য যে এই পৰ্যন্ত ভক্তগণৰ বাবে কামাখ্যা ষ্টেচন, পাণ্ডু পৰ্ট আৰু কেন্দ্ৰীয় কাৰাগাৰ চৌহদ –এই তিনিটা স্থানত শিবিৰৰ ব্যৱস্থা হৈছে। ফুট হিলৰ পৰা মা কামাখ্যা দেৱালয়লৈকে নিৰ্দিষ্ট স্থানতহে খোৱা পানী যোগান ধৰা হব। সংবাদমেলখনত পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে শিবিৰ অনুসৰি পৰ্যপ্ত সংখ্যক স্বেচ্চাসেৱী নিয়োগ কৰা হ’ব বুলি সংবাদমেলত ব্যক্ত কৰে। আনহাতে যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মনে সংবাদমেলখনত জনায় যে অম্বুবাচী মেলাত ভৰলুমুখ আৰু মালিগাঁৱৰ ফালৰ পৰা অহা যানবাহনে কামাখ্যা গেটতে ভক্তক নমাব লাগিব। অসম ৰাজ্যিক পৰিবহনকে ধৰি কোনো আন্ত: জিলাৰ আৰু দূৰণিবটীয়া বাছে ডি জি ৰ’ড, এম জি ৰোড টি আৰ ফুকন ৰ’ডত ২২ জুনৰ পৰা ২৬ জুনলৈকে সোমাব নোৱাৰিব। সামগ্ৰী কঢ়িওৱা কোনো বাণিজ্যিক বাহনকো ডি জি, এম ডি ৰোডত সোমাবলৈ দিয়া নহব। অৱশ্যে তিনিচকীয়া বাণিজ্যিক বাহনক মাজ ৰাতি ১২ বজাৰ পৰা ৬ বজালৈকে চলা ফুৰা কৰিবলৈ দিয়া হ’ব।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud