অসমীয়াগিৰিৰ অন্য এক পৰিচয় থলগিৰি

0 337

থলুৱা কৃষ্টি, খাদ্য সম্ভাৰ বজাৰমুখী কৰাৰ লক্ষ্যৰে উজান বজাৰস্থিত লেম্প ৰোডত আজিৰে পৰা আৰম্ভ হৈছে থলগিৰি নামৰ এখন বিপনী।বিশিষ্ট সাংবাদিক মনোৰম গগৈৰ পৰিচালনাত আৰম্ভ হোৱা বিপনীখনত অসমীয়া জা জলপানৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সা সামগ্ৰী উপলব্ধ হ’ব।থলগিৰি বিপনীখন আনুষ্ঠানিকভাৱে মুকলি কৰি মনোৰম গগৈয়ে কয় যে অসম আৰু অসমীয়াৰ স্বাৰ্থত আৰম্ভ কৰা থলগিৰি কেৱল এখন বিপনী নহয়, ই এক বৌদ্ধিক সাহিত্য চৰ্চাৰ অভিকেন্দ্ৰ।ইয়াত অসমৰ বিভিন্ন উদ্যমী ফালে মঞ্চ পাব।লগতে জাতীয় পোচাকেও প্ৰাধান্য লাভ কৰিব ।উল্লেখযোগ্য যে থলগিৰিত উপলব্ধ সমূহ সাজ পোচাক ডিজাইন কৰিছে জনপ্ৰিয় ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে।তেখেতে উদ্বোধনী অনুষ্ঠানত কয় যে অসমৰ গাৱৰ বহু শিপিনীৰ পৰা কাপোৰ সংগ্ৰহ কৰি ফিউজন কৰি ডিজাইন কৰিছো।আৰ্থিকভাৱে দুৰ্বল পিছপৰা মহিলা সকলক উপাৰ্জনৰ এখন মঞ্চ প্ৰদান কৰিছো।উদ্বোধনী অনুষ্ঠানত মনালিছা শইকীয়াই থলগিৰি আঁৰৰ কথা ব্যক্ত কৰে।অনুষ্ঠানত তৰালি শৰ্মা, প্ৰণয় বৰদলৈ, অদীপ কুমাৰ ফুকন, মহান বৰা, সমীৰ বৰদলৈ, অনুপ হাজৰিকাকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.