অসমে লাভ কৰিলে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ বঁটা

0 238

স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অধীনত অলপতে সামৰণি পৰা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ ২০১৮ ত অসমে লাভ কৰিছে এক বিশেষ বঁটা।সমগ্ৰ উত্তৰ পূব ভাৰতৰ ভিতৰত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অসমে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ বঁটা লাভ কৰিছে। ২অক্টোবৰত নতুন দিল্লীৰ প্ৰসাৰ ভাৰতী কেন্দ্ৰত আয়োজিত ৰাষ্ট্ৰীয় স্বচ্ছতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত উমা ভাৰতীয়ে এই বঁটা প্ৰদান কৰে। স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ হৈছে এক সমীক্ষা, যাৰ জৰিয়তে ৰাজ্য তথা জিলাসমূহৰ গুণগত পৰিচ্ছন্নতাৰ দিশ চাই ৰেংক প্ৰদান কৰা হয়। এই অভিযানৰ দ্বাৰা ১ লাখ পৰিয়াল উপকৃত হৈছে।

Leave A Reply

Your email address will not be published.