অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৬খনলৈ বৃদ্ধি পালে- ৰাইমনা হ’ল নতুন ৰাষ্ট্ৰীয় উদ্যান

0 246

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই আহিছে এক ভাল খবৰ।অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৬খনলৈ বৃদ্ধি পালে। ৰাইমনা উদ্যান ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা,নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ শাৰীলৈ উন্নীত হ’ল ।এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।উল্লেখযোগ্য যে এই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন আছে কোকৰাঝাৰ জিলাত।৪২২ বৰ্গ কিলোমিটাৰে আৱৰি থকা আৰু ৰাষ্ট্ৰীয় উদ্যান খন ৰিপু ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত।ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান খন এখন লেখত ল’ব লগীয়া উদ্যান।ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে শঙ্কুশ নদীৰ পশ্চিম অংশ আৰু ইণ্ডো ভূটান বৰ্ডাৰৰ এটা অংশ চুই গৈছে।
বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক আজিৰ পৰা বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ হিচাপে নতুনকৈ নামকৰণ কৰা হৈছে বুলি ঘোষণা কৰে।লগতে এই সম্পৰ্কত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ছ’চিয়েল মেডিয়াত দিয়া এক আপডেটৰ জৰিয়তে কয় যে আজি এটা বিশেষ দিন ।সেই অনুসৰি অসমত এতিয়া ৬ খন ৰাষ্ট্ৰীয় উদ্যান হ’ল।আৰু দিহিং পাটকাই উন্নীতকৰণ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।উল্লেখযোগ্য যে এই ঘোষণা গান্ধীমণ্ডপত অনুষ্ঠিত পৰিবেশ দিৱসৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছিল ।

Leave A Reply

Your email address will not be published.