ৰাইটাৰ্ছ ফ’ৰাম অফ অসম আৰু অসম বন্ধুৰ যৌথ উদ্যোগত ২১ নৱেম্বৰত বিয়লি গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ জয়ন্ত কুমাৰ – লখিমী বৰুৱা সদনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলত কৰ্মৰত বনপালক -১ আৰু অসম বন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক পুলিন মহন্তক বিগত সময়চোৱাত তেওঁ বন বিভাগত প্ৰদৰ্শন কৰা কৰ্তব্যনিষ্ঠাৰ বাবে বর্ষশ্ৰেষ্ঠ বনপালক বঁটাৰে সন্মানিত কৰিছে। বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা,প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা,বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ পাঠক , অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, নিয়মীয়া বার্তাৰ সম্পাদক নৰেশ কলিতা , অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা, সাংবাদিক মুকুন্দ কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে অনুষ্ঠানটোত অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৩৫ জন বিশিষ্ট লোকক বঁটা প্ৰদান কৰাৰ লগতে জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয় । সাংবাদিক দীপক কুমাৰ বৰ্মনে আঁত ধৰা অনুষ্ঠানত ৰাইটাৰ্ছ ফ’ৰাম অফ অসমৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীৰ ৰচিত “বিষ্ণু ৰাভাৰ সৃষ্টি আৰু দৰ্শন” আৰু বিশিষ্টা লেখিকা ড০ সীমা বৰাৰ ৰচিত “নীলাঞ্জন” উন্মোচন কৰা হয় । ড০ সংগীতা কাকতিৰ এটি ভক্তিমূলক গীতৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত ড্ৰিমলী গগৈয়ে বিহুনাম পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । ইফালে অসম বন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুদায়িত্ব নিষ্ঠাৰে পালন কৰি অহা বনপালক পুলিন মহন্তক বর্ষশ্ৰেষ্ঠ বনপালক বঁটাৰে সন্মানিত কৰা বাবে সন্থাৰ সভাপতি ৰাজেন শইকীয়াই উদ্যোগতা সকলক ধন্যবাদ জ্ঞাপন কৰিছে । উল্লেখযোগ্য যে প্ৰায় পাঁচমাহ আগলৈকে গুৱাহাটীৰ গাতে লগা যোৰাবাট বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত পুলিন মহন্তই মেঘালয়ৰ পৰা নথিপত্ৰ বিহীনভাবে গুৱাহাটীলৈ সৰবৰাহ কৰা কেবাখনো কাঠৰ ট্ৰাক জব্দ কৰাৰ লগতে অবৈধভাৱে মাটি কটাৰ কেবাটাও ঘটনা ধৰা পেলাইছিল।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান