বিশিষ্ট প্ৰকৃতিবিদ,আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰউদ্দিন চৌধুৰীয়ে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত দীপৰ বিলৰ চৰাইক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ নিয়াৰ প্ৰয়াসৰে ইংৰাজী ভাষাত ৰচনা কৰিছে ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ নামৰ এখন গ্ৰন্থ। গ্ৰন্থখন দীপৰ বিলৰ চৰাই-চিৰিকটিৰ এক উল্লেখযোগ্য আৰু বিস্তৃত নথিপত্ৰ হিচাপে পৰিচিত হব। কিবা বছৰ ধৰি কৰা ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণৰ ভিত্তিত গ্ৰন্থখনত দীপৰ বিল আৰু দাঁতি কাষৰীয়া অঞ্চলৰ ৩৫২টা প্ৰজাতিৰ চৰাইক লিপিবদ্ধ কৰা হৈছে । আনহাতে ২০ এপ্ৰিলৰ দিনা আবেলি গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়। অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ক্ৰমে -অসম বন বিদ্যালয়ৰ সঞ্চালক ডঃ প্ৰিয়াছা শইকীয়া,দীপৰ বিলৰ চৰাইৰ সংৰক্ষণৰ হকে কাম কৰি অহা লক্ষণ টেৰণ,দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া চয়নিকা বৰ্মন,কাজিৰঙা ৱাইল্ড লাইফ ছচাইটিৰ সাধাৰণ সম্পাদক কৰুণা শৰ্মা,লিভিং লেকছ বায়োডাইভাৰচিটিৰ জলবায়ু প্ৰকল্পৰ প্ৰকল্প পৰিচালক ডঃ ময়ুৰ বাউৰীয়ে।ভাষণ প্ৰসংগত আটাইকেইগৰাকী উন্মোচকে গ্ৰন্থখনৰ ৰচক ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ প্ৰকৃতি প্ৰেমৰ উচ্চ প্ৰশংসা কৰে আৰু গ্ৰন্থখন দীপৰ বিলৰ চৰাইৰ এক দলিল হিচাপে বিশ্ববাসীৰ সন্মুখত সদায় জিলিকি থাকিব বুলি ব্যক্ত কৰে। অনুষ্ঠানত ডঃ আনোৱাৰুদ্দিন চৌধুৰীয়ে ভাষণ প্ৰসংগত গ্ৰন্থখন সন্দৰ্ভত নিজৰ অনুভব আৰু অভিজ্ঞতা প্ৰকাশ কৰি দীপৰ বিলৰ চৰাইক লৈ গৱেষণা কৰা সকলৰ বাবেও সহায়ক হব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত দীপৰ বিলৰ সমীপৰ কিছুসংখ্যক নেতৃস্থানীয় লোক আৰু দীপৰ বিলৰ সমীপৰ আজাৰাস্থিত হৰি গায়ত্ৰী দাস মহাবিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ – ছাত্ৰী উপস্থিত আছিল।
Trending
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop