ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমৈহতিয়া সংগঠন অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ পশ্চিম ৰামচাৰাণি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি শিশু কিশোৰৰ মানসিক বিকাশৰ বাবে লবলগীয়া যতন বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় । দিলীপ বৰুৱা স্মৃতি ন্যাস সমিতিৰ সৌজন্যত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী আৰু শিক্ষক- শিক্ষয়ত্ৰী উপস্থিত থাকে । আনহাতে অসম মহিলা অভিযন্তা সংস্থাৰ সভানেত্ৰী মৃদুলা দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনৰ আঁত ধৰে সম্পাদিকা অন্তৰা বৰুৱাই। সভাত বিশিষ্ট বক্তা হিচাপে ভাগ লৈ জ্যেষ্ঠ মনস্তত্ত্ববিদ তথা মনোবিজ্ঞানী লয়া আগৰৱালাই ভাষণ প্ৰসংগত উপস্থিত ছাত্ৰ – ছাত্ৰীসকলক মানসিক শক্তি অক্ষুণ্ণ ৰাখি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাকে ধৰি জীৱনৰ ঘাট – প্রতিঘাট সমুহ কিদৰে অতিক্ৰম কৰিব পাৰি তাৰ কৌশল সমুহ সুন্দৰকৈ দাঙি ধৰে। সভাত সংস্থাৰ কোষাধক্ষ্য কৃষ্ণা শৰ্মা , সদস্যা মঞ্জুলা শইকীয়া ভূঞা , নাফিজা হাজৰিকা বৰবৰা আৰু নমিতা শৰ্মা, বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক কলিতাই চমু ভাষণ প্ৰদান কৰে। সভাৰ লগত সংগতি ৰাখি বিশিষ্ট বক্তা আৰু ছাত্ৰ – ছাত্ৰীসকলৰ মাজত এক অন্তৰংগ আলাপৰ আয়োজন কৰা হয়।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি