অসাধাৰণ প্ৰতিভা বাদলৰ

0 249

দেখাত এজন সাধাৰণ ল’ৰা। কিন্তু তেওঁৰ অসাধাৰণ চিন্তা শক্তি, উদ্ভাৱনী গুণৰ বলত আজি সমাদৃত। কোনো ব্যৱসায়ীক শিক্ষা অথবা জ্ঞান নোলোৱাকৈ ল’ৰাজনে তৈয়াৰ কৰিছে বিভিন্ন ধৰণৰ সা সামগ্ৰী।
ৰঙিয়াৰ তুলসীবাৰীৰ বাদল দাস নামত ল’ৰাজনে পেলনীয়া কাৰ্টনেৰে তৈয়াৰ কৰিছে এটা এ টি এম। এই এ টি এমটোৰ জৰিয়তে বিশেষ নীতি নিয়ম অনুসৰণ নকৰাকৈ অনায়াসে পইচা উলিয়াব পাৰি। অৱশ্যে এই এ টি এমটোৰ পৰীক্ষণমূলক প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে৷ পেলনীয়া কাৰ্টন, বিকল কেলকুলেটৰ, বিকল ম’বাইলৰ বেটাৰীৰে আধুনিক এ টি এমটো তৈয়াৰ কৰিছে৷ অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ বাদলে ইতিপূৰ্বে বেটাৰী চালিত চাৰ্জাৰ লাইট, বেটাৰী চালিত নাও, ৰবট আদি তৈয়াৰ কৰিছিল৷ এইক্ষেত্ৰত বাদলৰ বায়েকে উৎসাহ যোগাই আহিছে৷ সৰুতে খেলাৰ বাবে অনা পুতলাৰ গাড়ী খুলি খালি পুনৰ ন ৰূপত সজোৱাতো বাদলৰ এক প্ৰকাৰৰ হবি আছিল৷ এই কথা বাদলৰ বায়েকে মন্তব্য কৰে৷ বিশেষ গুণেৰে উদ্ভাসিত বাদলক ইতিমধ্যে বিভিন্ন দল-সংগঠনে সাহাৰ্য্য প্ৰদান কৰিছে৷ 
 

Leave A Reply

Your email address will not be published.