মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ প্ৰেক্ষাগৃহত আজি আনুষ্ঠানিকভাৱে অস্ত্র সম্বৰণ কৰে এন ডি এফ বিৰ তিনিটা গোটৰ সদস্যই।সদ্য স্বাক্ষৰিত বি টি আৰ চুক্তিৰ পাছত মূল সুঁতিলৈ ঘূৰি আহিল এন ডি এফ বিৰ প্ৰায়বোৰ সদস্য।মুঠ ১,১৬৫ জন এন ডি এফ বিৰ সদস্যই অস্ত্ৰ সম্বৰণ কৰে।ইয়াৰে এন ডি এফ বি(পি)ৰ ৮৩৬ জন সদস্য,এন ডি এফ বি(আৰ)ৰ ৫৭৯ আৰু এন ডি এফ বি(এছ)ৰ ২০০ জন সদস্যই আত্মসমৰ্পন কৰে।লগতে অস্ত্র সম্বৰণ কৰিব চাউৰাইগৌৰা,বি ফেৰেংগা আৰু বি বিদাই এ।এই অনুষ্ঠানত বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।উল্লেখ্য যে এই অনুষ্ঠানত জমা দিয়া অস্ত্রসমূহ হ’ল ১৭৮ টা পিস্তল,৪,৮০৩ টা গুলী,১৪ টা গ্ৰেণেড আৰু ২ টা মৰ্টাৰ।এই অনুষ্ঠানত উপস্থিত থাকি বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয় যে বড়ো শান্তি চুক্তিৰ দ্বাৰা বড়োলেণ্ডৰ উন্নয়ন সম্ভৱ হ’ব।অকল বড়োসকলৰে নহয়,অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰো উন্নয়ন হ’ব।বি টি চিৰ বাহিৰত থকা বড়োসকলৰ উন্নয়নৰ বাবে পৰিষদ গঠন কৰা হ’ব।এই অনুষ্ঠানত প্ৰমোদ বড়োকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ।
Trending
- জি-২০ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ বৈঠকৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণি
- মহানগৰীৰ সোণাইঘূলি, নৰকাসুৰ, লিচুবাগান আৰু গীতানগৰত জল ব’ৰ্ডৰ নিৰ্মিয়মাণ জল ভাণ্ডাৰ (Reservoir) পৰিদৰ্শন কৰিলে মন্ত্ৰী অশোক সিংহলে
- শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি
- অসমৰ সংবাদ জগতত চাণক্যৰ আত্মপ্ৰকাশ
- ৰাজপথত পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ আৰম্ভ
- জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন
- ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা ‘তৃতীয় নিৱাস’ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- পলাশবাৰীৰ বৰকুছিত আৰক্ষী -প্ৰশাসন, সাংবাদিক, নিউজ পৰ্টেলৰ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি
- গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে কামৰূপ জিলাৰ উপায়ুক্ত একাদশ আৰু মিডিয়া একাদশৰ মাজত অনুষ্ঠিত হ’ল প্ৰীতি ক্ৰিকেট খেল
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ