আজিৰে পৰা বন্ধ হ’ল মাজুলীৰ ফেৰী সেৱা

0 249

মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৰহাট আৰু মাজুলীক সংযোগী ফেৰী সেৱা বন্ধ কৰে। উল্লেখ্য যে এই সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব।
 
ইতিমধ্যে যোৰহাটৰ মহিলা দুয়োগৰাকীৰে শৰীৰত কালি ধৰা পৰা মহামাৰী ক’ৰণা ভাইৰাছৰ স্থিতিৰ কাৰণে যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। উল্লেখ্য যে লকডাউনৰ বাবে ফেৰী সেৱা বন্ধ হৈ আছিল।
 
আনহাতে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ পিছতেই খুলি দিয়া হৈছিল যোৰহাট আৰু মাজুলী সংযোগী ফেৰী সেৱা। পুনৰ শনিবাৰে নিশা যোৰহাটৰ মহিলা দুগৰাকীৰ শৰীৰত ধৰা পৰা ক’ৰণাৰ উপস্থিতিৰ বাবে বন্ধ কৰি দিয়া হয় এই ফেৰী সেৱা।

Leave A Reply

Your email address will not be published.