![](https://nefocus.com/wp-content/uploads/2018/05/IMG-20180511-WA0008-600x400.jpg)
নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এক সংবাদ মেল আয়োজন কৰে। উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়ক লৈ ৰাজ্যৰ সৰ্বত্ৰে অগ্নিগৰ্ভাময় পৰিবেশে বিৰাজ কৰাৰ সময়তে আজি জনতা ভৱনত এক সংবাদ মেল আয়োজন কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে অসমৰ ক্ষতি হ’ব পৰা কোনো সিদ্ধান্ত ৰাজ্য চৰকাৰে নলয়। সেয়ে ৰাজ্যবাসী শংকিত হ’ব নালাগে। আনহাতে এন আৰ চিৰ কাম সম্পূর্ণ হোৱাৰ পিছতহে চৰকাৰে স্থিতি অৱগত কৰিব বুলি আজিৰ সংবাদ মেল যোগে জানিবলৈ দিয়ে।
![](https://nefocus.com/wp-content/uploads/2018/05/Renovated_gate_of_Tezpur_University-600x400.png)
আনহাতে অসমৰ শৈক্ষিক জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে তেজপুৰ বিশ্ববিদ্যালয়ে। উল্লেখযোগ্য যে গৱেষণাৰ ক্ষেত্রত দেশৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও টাইমছ্ হায়াৰ এডুকেচন এমাজিং এক’নমিজ ইউনিভাৰচিটি ৰেংকিঙত ৯৯ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে তেজপুৰ বিশ্ববিদ্যালয়ে। শিক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় খনে কঢ়িয়াই অনা এনে বতৰাই বিশ্ববিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীকে আনন্দিত কৰি তুলিছে।
![](https://nefocus.com/wp-content/uploads/2018/05/IMG-20180511-WA0017-600x400.jpg)
আই আই টি গুৱাহাটীৰ বাৰ্ষিক টেকন’ মেনেজমেণ্ট মহোৎসৱ টেকনিচৰ এটা অংশ হিচাপে উদ্যোগক্তা আই আই টি গুৱাহাটীয়ে আয়োজন কৰিছে এক বিজ্ঞান প্ৰতিযোগিতা। টেকএক্স’প যি বিজ্ঞান মাধ্যমৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বিজ্ঞান ধাৰণা তথা দৰ্শনক প্ৰসাৰতা প্ৰদান কৰিব। এই প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ যুব সমাজৰ দ্বাৰা সাম্প্ৰতিক সময়লৈ অহা প্ৰযুক্তিৰ দিশ সমূহ আলোকপাত কৰা হ’ব আৰু এই প্ৰতিযোগিতাত বিজয়ীয়ে লাভ কৰিব ৩,৫০,০০০ টকা।
![](https://nefocus.com/wp-content/uploads/2018/05/IMG-20180511-WA0018-600x400.jpg)
এই প্ৰতিযোগিতা দুটা পৰ্য্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্য্যায়ত থাকিব এবষ্ট্ৰেক্ট ছাবমিশ্যনৰ লগতে চুটি ছবি য’ত সংশ্লিষ্ট প্ৰকল্পটোৰ বিষয়ে সবিশেষ উল্লেখ থাকিব। জুন মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত এই প্ৰকল্প সমূহ দাখিল কৰিব লাগিব। প্ৰতিযোগিতাৰ নিৰ্বাচিত ১০০ টা প্ৰকল্পই গুৱাহাটী আই আই টি চৌহদত অনুষ্ঠিত হ’ব লগা দ্বিতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।