আজিৰ দুটা খবৰ

0 234

ফটো সাংবাদিকৰ লগতে গুৱাহাটী প্ৰেছ ক্লাৱৰ অন্যান্য সদস্য সকলৰ দৃশ্যমান কলাৰ সাধনা তাৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত নিয়মীয়াকৈ বিভিন্ন শিতানৰ আলোকচিত্ৰ প্ৰদৰ্শনৰ কাৰ্য্যসূচী আৰম্ভ কৰা হৈছে। এই উদেশ্য ৩ জুলাইত জ্যেষ্ঠ ফটো সাংবাদিক বিজু বড়োৰ ২০খন বাতৰি সম্পৰ্কীয় আলোক চিত্ৰ প্ৰদৰ্শন কৰা হয়। বিভিন্ন বঁটাৰে পুৰস্কৃত ফটো সাংবাদিক গৰাকীয়ে অসমৰ বিনন্দীয়া প্ৰকৃতি, প্ৰাকৃতিক দুৰ্যোগ আদিৰ আলোক চিত্ৰ প্ৰদৰ্শন কৰি নেপথ্যৰ কাহিনী ব্যক্ত কৰে। উল্লেখযোগ্য যে প্ৰদৰ্শনৰ পাছত দৰ্শক সমূহে আলোকচিত্ৰ সমূহৰ কাৰিকৰী দিশ আৰু নান্দনীকতাৰ বিষয়ে আলোচনা কৰে। 

গুৱাহাটীৰ জনপ্ৰিয় অ’ৰিয়েন্টেল কুইজিন ৰেষ্টুৰেণ্ট অ’ৰিয়েণ্টেল বিষ্টোৱে ১৫জুলাইত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলৰ ফাইনেল মেচৰ বাবে আকৰ্ষণীয় অফাৰ আগবঢ়াইছে। এই বিশেষ “গল ফৰ অল” শীৰ্ষক অনুষ্ঠান আয়যোজন কৰা হৈছে ৯০০০০ খাদ্য ৰসিকক লৈ গঠন হোৱা ফেচবুক কমিউনিটি গুৱাহাটী ফুডীৰ সহযোগত। উল্লেখযোগ্য যে সকলো এপেটাইজাৰত পোনপটীয়াকৈ ৫০ শতাংশ ৰেহাই আগবঢ়াইছে। এই ৰেষ্টুৰেণ্টখনত চাইনীজ, থাই, জাপানীজ খাদ্যসম্ভাৰ উপলব্ধ। আগ্ৰহী গ্ৰাহক সকলে এই বিশেষ উপহাৰৰ বাবে আগতীয়াকৈ যোগাযোগ কৰিব পাৰে।

Leave A Reply

Your email address will not be published.