আজিৰ দুটা ভাল খবৰ

0 290

অসমৰ চাহ পৃথিৱী বিখ্যাত। অসমৰ চাহত এক সুকীয়া মাদকতা আছে। কিন্তু পৰিতাপৰ বিষয় যে অসমৰ চাহে এতিয়াও বিশ্ব বজাৰত সঠিকভাৱে অধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। চাহ বাগান বিলাকতো বহুতো সমস্যা আছে। এই সমস্যা সমূহ সমাধানৰ অৰ্থে এখন কমিটি গঠন কৰা হৈছে। এই মন্তব্য উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। আজি চাহৰ সমূহ সংগঠনৰ লগত এক আলোচনাত মিলিত হোৱাৰ পিছত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। চাহৰ উৎপাদন অনুসৰি বজাৰ দখল কৰিব নোৱাৰাতো গুৰুত্ব সমস্যা বুলি জানিব দি কয় যে অচিৰেই অসম চাহৰ এক সুকীয়া বেণ্ড প্ৰতিষ্ঠা হ’ব। ইয়াৰ উপৰিও ছয়গাঁৱত এখন ট্ৰি পাৰ্ক নিৰ্মাণ কৰা হ’ব। উল্লেখযোগ্য যে চাহ শ্ৰমিকৰ দক্ষতা বৃদ্ধি বিষয়তো অসম দক্ষতা বিকাশৰ সঞ্চালকৰ লগত আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে।

 

আনহাতে অসমৰ পৰম্পৰাগত জলপান কোমল চাউলক আন্তৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে আগবঢ়াই নিব এটা বেচৰকাৰী সংস্থাই।ইয়াৰ সংৰক্ষণৰ বাবে বিভিন্ন পদ্ধতি অৱলম্বন কৰিছে। এক সূত্ৰই প্ৰকাশ কৰা মতে ইতিমধ্যে নলবাৰী জিলাৰ কেইখনমান গাৱৰ পৰা কোমল চাউলৰ চেম্পোল সংগ্ৰহ কৰিছে। আৰু অচিৰেই বিদেশৰ বজাৰত মুকলি কৰিব।

Leave A Reply

Your email address will not be published.