আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত

0 241

অন্ধবিশ্বাস, ডাইনীৰ নামত ষড়যন্ত্ৰ আৰু উৰাবাতৰিয়ে কোনো কোনো লোকৰ জীৱন ধ্বংস কৰাৰ লগতে সমাজ জীৱন কলুষিত কৰিছে। এনেধৰণৰ অন্ধবিশ্বাস ৰোধ কৰি সংস্কাৰী হৈ মানুহে মানুহৰ বাবে কাম কৰিবলৈ ওলাই আহিব লাগে। এই বক্তব্য ভাৰতৰ অন্যতম অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ শান্তি আৰু মানৱতাৰ বাৰ্তা বাহক ,মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ। যোৱা ২১ ফেব্ৰুৱাৰীৰ সন্ধ্যা কামৰূপ জিলাৰ ছয়গাঁওৰ অন্তৰ্গত বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অন্ধবিশ্বাসৰ বিৰুদ্ধে অনুষ্ঠিত এক ৰাইজ মেলত মূখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়। বনগাঁওৰ ভোৰকিবাৰীৰ স্থানীয় সমাজ কর্মী কামেশ্বৰ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত ৰাইজ মেলৰ উদ্দেশ্য বাখ্যা আগবঢ়াই স্থানীয় বিজ্ঞান কৰ্মী অঞ্জন কলিতাই।
প্ৰায় দুই শতাধিক সচেতন মহিলা উপস্থিত থকা উক্ত কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক , মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কেনেকৈ ভিন্ন ধৰ্মৰ তান্তিকে কি ধৰণে সাধাৰণ মানুহক ঠগ প্ৰবঞ্ছনা কৰি আহিছে এই সন্দৰ্ভত পুঙ্খানুপুঙ্খ ভাবে বৈজ্ঞানিক বিশ্লেষণ আগবঢ়ায়। ডঃ শইকীয়াই সহজ সৰল ভাবে বুজাই যে ডাইনীহত্যা শব্দটো এটা ভুল শব্দ কাৰণ ডাইনী বুলি কোনো নাই।ডাইনী হ`ল একাংশ মানুহৰ ভ্ৰান্ত ধাৰণা আৰু মনেসজা কথা। ডঃ শইকীয়াই সজোৰে কয় যে ডাইনী যিহেতু নাই সেয়ে ডাইনী হত্যা শব্দটো এটা ভুল শব্দ। কাৰণ ডাইনীৰ নামত হে নিৰ্যাতন আৰু হত্যা সংঘটিত হৈ আহিছে। উল্লেখযোগ্য যে অসমত অন্ধবিশ্বাস বিৰোধী আইন প্ৰণয়নৰ অন্যতম মূল ব্যক্তিজনেই হ`ল ডঃ দিব্যজ্যোতি শইকীয়া। ইতিমধ্যে ডঃ দিব্যজ্যোতি শইকীয়াৰ কৰ্মজীৱন সন্দৰ্ভত দেশ বিদেশত চৰ্চা হৈছে।

Leave A Reply

Your email address will not be published.