কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অধীনত পৰিচালিত হৈ অহা ভাৰতৰ শিক্ষানুষ্ঠান সমূহৰ শৃংখলাবদ্ধ যুৱ সংগঠন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ “এন চি চি”ক অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত বিশেষ স্বীকৃতি দিছে বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ.জি. চি)। এতিয়াৰে পৰা দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত এন.চি.চি বিষয়টো এক ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ`ব। ইতিমধ্যে যোৱা ১৫ এপ্ৰিলতে ইউ.জি.চিৰ ফালৰ পৰা দেশৰ সকলো ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সকলক পত্ৰ প্ৰেৰণ কৰি এন.চি.চি বিষয়টোক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। আনহাতে এই সন্দৰ্ভত এন চি চি ৰ শ্বিলংস্থিত উত্তৰ পূৱ মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ. ডি.জি) মেজৰ জেনেৰেল অনন্ত ভূঞাই জানিবলৈ দিয়া মতে ইউ জি চি ৰ এই নিৰ্দেশনাই এন.চি.চিৰ কেডেট বা শিক্ষাৰ্থী সকলক বাৰুকৈয়ে উপকৃত কৰিব। তেনেদৰে শিক্ষানুষ্ঠানৰ যিসকল ছাত্ৰ – ছাত্ৰীয়ে এন চি চি ক এটা বিষয় হিচাপে লৈ অধ্যয়ন কৰিব বিচাৰে আৰু ইতিপূৰ্বে তেওঁলোকৰ যিসকল এন চি চি ত বিভিন্ন প্ৰশিক্ষণ শিবিৰৰ লগতে বি আৰু চি প্ৰমাণ পত্ৰৰ উত্তীৰ্ণ হৈছে তেওঁলোক বিশেষভাবে উপকৃত হব । আনহাতে পাঠ্যক্ৰমত “General Electrive Credit Course” (GECC) হিচাপে অন্তৰ্ভুক্ত হ`বলগীয়া এন চি চি বিষয়টো নতুন শিক্ষা নীতি – 2020 (NEP)ৰ সৈতে সমন্বয় ঘটোৱা হৈছে। অসমত এই পৰ্যন্ত বিভিন্ন নিৰ্বাচিত মহাবিদ্যালয়ত এন চি চি বাহিনী থাকিলেও বিশ্ববিদ্যালয় পৰ্যায়ত বাহিনীটোৰ শাখা নাই।কিন্তু ইউ জি চি ৰ নিৰ্দেশনাৰ পাছত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ`লে বিশ্ববিদ্যালয় সমূহতো এন চি চিৰ স্থল , নৌ আৰু বায়ু এই তিনিওটা শাখা খোলাৰ পথ প্ৰশস্ত হ`ব । তেতিয়া আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলে এন চি চি ত ভৰ্ত্তি হোৱাৰ লগতে একে সময়তে ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰি পৰৱৰ্তী পৰ্যায়ত উচ্চ শিক্ষা বা চাকৰি লাভৰ পথ সুগম হ`ব । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ২০২০ বর্ষত স্বাধীনতা দিৱসত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে আবৃত ৰাজ্য সমূহৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ – ছাত্ৰী সকলক বাহিনীটোত কেডেট হিচাপে ভৰ্ত্তি কৰাবলৈ যি আহ্বান জনাইছিল , সেই আহ্বান অনুসৰি এ ডি জি , মেজৰ জেনেৰেল অনন্ত ভূঞাই উত্তৰ পূৱৰ সীমান্তবৰ্তী ৰাজ্য কেইখনত কেডেট ভৰ্ত্তি অভিযানত নিজকে জড়িত কৰি ৰাখিছে । ইতিমধ্যে নিৰ্ধাৰিত লক্ষ্য অনুসৰি ইয়াৰ প্ৰথম পৰ্যায়ৰ কেডেট ভৰ্ত্তি অভিযান শেষ হৈছে বুলি জানিব পৰা গৈছে।
Trending
- বিটিচি নিৰ্বাচন সন্দৰ্ভত তামুলপুৰ জিলা আয়ুক্তৰ সংবাদ মেল সম্বোধন
- ২৯ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতিৰ চূড়ান্ত পৰ্যালোচনা কৰিলে সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ আৰম্ভ
- দক্ষিণ শালমাৰা – মানকাচৰ জিলাৰ কোক্ৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- Guwahati Hosts East Zone Regional Abilympics 2025
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ চৰকাৰী কাৰ্য্যসূচীৰ সবিশেষ সাংস্কৃতিক মন্ত্রী বিমল বড়াই পৰিয়ালক জনালে
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত প্ৰাচীন সাঁচিপতিয়া পুথি পঠন আৰু সংৰক্ষণ বিষয়ক কৰ্মশালা সম্পন্ন
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী