গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৱৰ্তী বঙৰাস্থিত এমন্ত্ৰনণৰ অধীনস্থ টেক চিটিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোন পাইলট প্ৰশিক্ষণ বিদ্যালয়ৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । বিদ্যালয়খন উদ্ধোধন কৰে অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি, বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা জলবায়ু পৰিবৰ্তন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। এই উপলক্ষে এমন্ত্ৰণৰ পৰিচালন সঞ্চালক এছ সুন্দৰৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমৰ বন বাহিনীৰ মুৰব্বী তথা এমন্ত্ৰণৰ প্ৰাক্তন পৰিচালন সঞ্চালক মহেন্দ্ৰ কুমাৰ যাদৱে। সভাত মন্ত্ৰী কেশৱ মহন্তই এমন্ত্ৰণ টেকচিটি স্থাপন কৰাৰ কথা স্মৰণ কৰি উক্ত ড্ৰোণ পাইলট প্ৰশিক্ষণ বিদ্যালয়ে যুৱক-যুৱতীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাজ্যৰ চৰকাৰী – বেচৰকাৰী বিভাগত কৰ্ম সংস্থাপন বা নিজাকৈ কাম কৰিব পাৰিব । ৰাজ্য তথা বিদেশৰ বহু অভিজ্ঞতা থকা উদ্যোগ তথা ব্যক্তি আছে। আমি সেইসকলৰ অনুসৰণ কৰি আগবাঢ়ি যাব লাগিব তেতিয়াই তেওঁলোকৰ ওচৰ চাপিব পাৰিম বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানত এমন্ত্ৰণৰ অধ্যক্ষ তথা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোণ প্ৰশিক্ষণ বিদ্যালয় বঙৰা টেক চিটিত স্থাপন হোৱাত যুৱক-যুৱতীসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিব। এমন্ত্ৰণ বঙৰা টেকচিটিয়ে পৰৱৰ্তীয় সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত বিভিন্ন প্ৰকল্প প্ৰস্তুত কৰিব বুলি ভাষণ প্ৰসঙ্গত কলিতাই উল্লেখ কৰে । সভাত কেইবাগৰাকী ড্ৰোন প্ৰশিক্ষণ বিদ্যালয়ত প্ৰশিক্ষণৰত শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । সভাত এমট্ৰনৰ উপাধ্যক্ষ ৰিতু বৰণ শৰ্মা , সঞ্চালক মণ্ডলীৰ সদস্য পংকজ পাঠক , অসম চৰকাৰৰ আই টি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল , সচিব নন্দিতা দত্ত , সঞ্চালক স্বপনীল পাল , লণ্ডনস্থিত কৰছাইটৰ মুখ্য কাৰ্যবাহী বিষয়া ৰব ৱাট , কাৰ্যবাহী জেৰি বছম , অসম চৰকাৰৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে। উল্লেখ্য যে, এই ড্ৰোণ পাইলক প্ৰশিক্ষণ বিদ্যালয় স্থাপন কৰিবলৈ Directorate general of civil aviation, govt of India ই অনুমোদন জনাইছে। এই বিদ্যালয়ৰ জৰিয়তে স্থানীয় শিক্ষিত যুৱক যুৱতীসকলৰ মাজলৈ যোৱাৰ লক্ষ্য স্থিৰ কৰিছে এমট্ৰনে। এই বিদ্যালয়ে যুৱক যুৱতীসকলৰ জীৱিকা আৰু সংস্থাপনৰ ক্ষেত্ৰতো এক নতুন পথ মুকলি কৰাৰ লগতে সমাজৰ উন্নতিৰ ক্ষেত্ৰতো অৰিহণা জনাব বুলি আশাবাদী এমট্ৰনৰ কৰ্তৃপক্ষ। এতিয়ালৈকে দেশত মুঠ ২৩ খন দ্ৰোণ বিদ্যালয় পঞ্জীয়ন হৈ আছে। আজিৰে পৰা গুৱাহাটীৰ এমট্ৰন দ্ৰোণ বিদ্যালয় উদ্বোধন হোৱাৰ লগে লগে দেশৰ দ্ৰোণ মানচিত্ৰত অসমৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি এমন্ত্ৰণ কৰ্তৃপক্ষই জানিবলৈ দিছে।
Trending
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)