কামৰূপ জিলাৰ পলাশবাৰী বিধান সমষ্টিৰ অন্তৰ্গত বিজয়নগৰৰ পাৰ্শ্ববৰ্তী উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংক চৌহদত অৱস্থিত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ আৰছেটিত যোৱা নবেম্বৰ মাহৰ পৰা চলি থকা আত্মসহায়ক গোটৰ মাহ যোৰা প্ৰশিক্ষণ কাৰ্য্যসূচীৰ যোৱা কালি সফল সামৰণী পৰে। অসম গ্ৰামীণ বেংকৰ পৃষ্ঠ পোষকতাত, গ্ৰামীণ স্বানিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানে প্ৰদান কৰা এই কাৰ্য্যসূচীত আৰছেটিৰ সঞ্চালক তাৰকেশ্বৰ কলিতা আৰু ফেকালটি প্ৰণৱ শৰ্মাই প্ৰশিক্ষণ প্ৰদান কৰে । কামৰূপ জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ অধীনৰ নিৰ্বাচিত আত্ম সহায়ক গোটৰ ১২০ গৰাকী সদস্যাক চাৰিটা শাখাত ভাগ কৰি প্ৰতিটো শাখাক এসপ্তাহৰ বাবে দিয়া এই প্ৰশিক্ষণৰ কালছোৱাত প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলাসকলক বেংকৰ সঞ্চয় ,ঘূৰ্ণীয়ামান পুঁজিৰ অনুদান , বেংকৰ পৰা বিত্তীয় সাহায্যৰ প্ৰক্ৰিয়া ,নিয়মীয়া লেনদেন, আদি সম্পৰ্কত প্ৰশিক্ষণ আগবঢ়োৱা হয় । ইপিনে মাহজোৰা প্ৰশিক্ষণৰ সামৰণিৰ অন্তত যোৱা কালি আৰছেটিৰ উপৰহালি স্থপ্ৰশিক্ষণ কেন্দ্ৰত যোৱাকালি আৰছেটিৰ সঞ্চালক তাৰকেশ্বৰ কলিতাৰ সভাপতিত্বত এখনি সামৰণি সভা অনুষ্ঠিত হৈ যায় । সভাত প্ৰশিক্ষৰঠি সকলৰ লগত মত বিনিময় কৰাৰ লগতে প্ৰশিক্ষাৰথী সকলৰ মাজত প্ৰশিক্ষন লাভৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় । সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষাথী সকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰে সাংবাদিক তথা সাংবাদিক পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি দীপক চন্দ্ৰ কলিতাই । প্ৰমাণ পত্ৰ বিতৰণ কৰি দিয়া ভাষণত কলিতাই উপৰহালীস্থিত গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানে কামৰূপ জিলাৰ আত্ম সহায়ক গোটৰ সদস্য সকলৰ মাজত প্ৰদান কৰি অহা প্ৰশিক্ষণৰ শলাগ । তেওঁ লগতে মহিলা আত্ম সহায়ক গোটে গ্ৰাম্যাঞ্চলৰ মহিলা সকলক উপাৰ্জন মুখি কৰি তোলাৰ ক্ষেত্ৰত যোগোৱা বৰঙণি সম্পৰ্কত বিশ্বাস বাখ্যা কৰে ।
Trending
- ৰূপহীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন শিল্পী মিলেশ্বৰ ডেকালৈ লোকশিল্পী -২০২৫ বঁটা প্ৰদান
- অসম আৰু উত্তৰ পূৰ্বাঞ্চলত টপচেম এচ ডি চি এফ টি আৰ ++ চিমেন্ট মুকলি
- এন ই ফ’কাছৰ পদক্ষেপ, গুৱাহাটীত জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় সন্মিলন
- DoHUA Minister Jayanta Mallabaruah Launches Online Building Permission System (OBPS) for Faster and Transparent Approvals
- সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- Nefocus initiative:climate change summit Held in Guwahati
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা