মালয়েছিয়াৰ কুছিনত ২ ৰ পৰা ৭ ডিচেম্বৰত অনুষ্ঠিত এছিয়ান মাষ্টাৰ্চ মীটত ভাৰতীয় মহিলা এথলেটিক দলৰ হৈ অণিমা সোনোৱালে চাৰিটা পদক লাভ কৰিবলৈ সক্ষম হয়।সোমবাৰে সন্ধিয়া ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ কাৰ্য্যালয়ত এইগৰাকী খেলুৱৈক বিপুলভাৱে সম্বৰ্ধনা জনায়।কাৰ্য্যালয়ৰ ড০ ভূপেন হাজৰিকা সভাগৃহত প্ৰাধিকৰণৰ মহিলা কল্যাণ সংস্থা ‘কল্যাণময়ী’ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটোত প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ কেন্দ্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে অণিমা সোনোৱালক এটা স্মাৰক,ফুলৰ থোপা,গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে দেশৰ উপৰি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ পৰিয়ালবৰ্গলৈ গৌৰৱ কঢ়িয়াই অনা বিষয়টোৰ শলাগ লয়।অনুষ্ঠানটোত কল্যাণময়ী’ৰ উপ সভানেত্ৰী পাৰবীন লতা,সম্পাদিকা অঞ্জনা ভৌমিককে ধৰি কেইবাগৰাকী কৰ্মকৰ্তা আৰু অণিমা সোনোৱালৰ স্বামী তথা প্ৰাধিকৰণৰ বিষয়া চন্দেশ্বৰ সোনোৱাল,এয়াৰপ’ৰ্ট অথৰিটী এমপ্লয়ি ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদক পবিত্ৰ দাস,গুৱাহাটী শাখাৰ সঞ্চালক সুনীল লাল চৌধুৰী উপস্থিত থাকে।উল্লেখ্য যে অণিমা সোনোৱালে প্ৰতিযোগিতাত হাই জাম্প আৰু পলভল্টত সোণ ৪০০ মিটাৰ ৰিলেত ৰূপ আৰু হাৰ্ডেল ৰাণত ব্ৰঞ্জৰ পদক লাভ কৰিছে।
Trending
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ
- প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী জিলাভিত্তিক গণৰাজ্য দিৱস উদযাপন
- অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা ৰাজ্যজুৰি বুথ সভা সম্পন্ন
- নলবাৰীত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী অশোক সিংহলৰ
- বিশ্ববাসীৰ মংগলৰ বাবে পাণ্ডুনাথ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি