এদল নিবনুৱাক সংস্থাপনৰ প্ৰয়াস কৰিছে এজন প্ৰকৃতিপ্ৰেমীয়ে

0 232

এদল নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰয়াস কৰিছে এজন প্ৰকৃতিপ্ৰেমীয়ে৷ কাজিৰঙাৰ কঁহৰা সমীপৱৰ্তী বছাগাঁৱৰ মনোজ গগৈ নামৰ ব্যক্তিজনে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত প্ৰায় ২০ জন নিবনুৱাক প্ৰশিক্ষণ প্ৰদান কৰিছে৷ পক্ষী চিনাক্তকৰণ তথা বন্যপ্ৰাণীৰ সবিশেষ প্ৰশিক্ষণ সম্পূৰ্ণ বিনামুলীয়াকৈ কাজিৰঙাত প্ৰদান কৰিছে৷ এই সম্পৰ্কে মনোজ গগৈয়ে কয় যে বছৰি কাজিৰঙাত বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ সমাগম হয়৷ ইয়াৰ সমান্তৰালভাৱে গুৰুত্ব বাঢ়ি আহিছে কাজিৰঙাৰ পৰ্যটনেও৷

সেয়েহে স্থানীয় কিছুমান যুৱকক সংস্থাপনৰ সুবিধা হোৱাকৈ প্ৰশিক্ষণ প্ৰদান কৰিছো৷ এই প্ৰশিক্ষণ ৪৫ৰ পৰা ৫০ দিন পৰ্য্যন্ত চলিব৷ উল্লেখযোগ্য যে ইতিপূৰ্বেও মনোজ গগৈয়ে প্ৰায় ১০২ জন নিবনুৱাক প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বীতাৰ পথ মুকলি কৰিছিল৷ ২০০৭ চনৰ পৰা প্ৰকৃতিৰ সুৰক্ষাৰ লগত জড়িত গগৈয়ে বৰ্তমানলৈকে ৩৫০ বিধ প্ৰাণীক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে৷  

Leave A Reply

Your email address will not be published.