এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ ৬৪ সংখ্যক বাৰ্ষিক আৰু ত্ৰয়োদশ দ্বি বাৰ্ষিক অধিবেশনখনি ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ নিউ জলপাইগুৰিত অনুষ্ঠিত হয় । এই উপলক্ষে ১৩ জুলাইত পুৱা ইউনিয়নৰ পতাকা উত্তোলন কৰে নিউ জলপাইগুড়ি শাখাৰ সভাপতি উত্তম দস্তিদাৰে । শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে সাধাৰণ সম্পাদক আশীষ বিশ্বাসে। ইয়াৰ পাছতেই মহিলা কমিটিৰ অভিৱৰ্তন অনুষ্ঠিত হয় । আবেলি অনুষ্ঠিত মুকলি সভাত বক্তব্য ৰাখি অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচনৰ সভাপতি শিৱ গোপাল মিশ্ৰই সাম্প্ৰতিক দেশৰ পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় দেশবাসীৰ লগতে ৰেল কৰ্মচাৰী সকলৰ সন্মুখত এক ভয়াবহ দুৰ্দিন আহি পৰিছে । কৰ্তৃপক্ষই বৰ কৌশলৰে জাপি দিব খোজা কেতবোৰ শ্ৰমিক বিৰোধী নীতিয়ে অৱশেষত ৰে’ল মজদুৰৰ ভৱিষ্যত কোন দিশলৈ লৈ যায় এতিয়াই সঠিক ভাৱে ঠাৱৰ কৰিব নোৱাৰিলেও -এনে নীতিয়ে যে ৰে’ল কৰ্মীক শান্তিত থাকিব নিদিয়ে সেয়া খাটাংকৈ কব পৰা যায় । তেওঁ কয় যে কৰ্মচাৰীৰ বিৰুদ্ধে এক ভাবিব নোৱাৰা ষড়যন্ত্ৰ চলি আছে । মিশ্ৰই কয় যে দেশত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে খালী হৈ থকা পদ সমূহ পূৰণ নকৰি কৰ্তন কৰাৰ ব্যৱস্থা লৈ নিবনুৱাৰ মূৰত মাধমাৰ শোধাইছে । হিতাধিকাৰী সৃষ্টি কৰাতকৈ ঘৰে ঘৰে কৰ্মসংস্থাপন দিয়ক-মিশ্ৰই কয় । তেওঁ আৰু কয়, খাদ্য সামগ্ৰীকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে ।ভুল নীতিৰ বাবে দেশৰ অৰ্থনৈতিক অৱস্থা বিধ্বস্ত হৈছে । সভাত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসে কয় যে ৰে’ল কৰ্মচাৰী সকলে তেওঁলোকৰ নুন্যতম সা-সুবিধা সমূহ প্ৰশাসনৰ পৰা পোৱাতো তেওঁলোকৰ এক ন্যায়সংগত অধিকাৰ । কিন্তু তেনে অধিকাৰ সমূহৰ পৰা কৰ্মচাৰী সকলক বঞ্চিত কৰাৰ উদ্দ্যেশ্যেৰে ইতিমধ্যে পাই থকা সা-সুবিধাবোৰ কৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।ৰেলৰ দৰে জাতীয় সম্পদক ব্যক্তিগত লোকৰ হাতত অৰ্পন কৰাৰ ষড়যন্ত্ৰই ইয়াৰ কৰ্মচাৰীকে নহয় -ৰেলৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা চলোৱা জনসাধাৰণো এই ষড়যন্ত্ৰৰ বলি হৈছে । ৰেল কৰ্মচাৰীৰ দ্বাৰা সহজতে চলাব পৰা কেতবোৰ বিভাগ ঠিকাদাৰী প্ৰথাৰে চলোৱা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি ইউনিয়নৰ নেতা গৰাকীয়ে কয় । তেওঁ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰিবলৈ, কৰ্মচাৰীৰ মৰগীয়া ভাট্টাৰ বকেয়া ধন আদায় দিয়া আদি বিভিন্ন দাবীৰ সমৰ্থনত বক্তব্য ৰাখে । এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে উত্থাপন কৰা দাবী সমূহ কেন্দ্ৰীয় চৰকাৰে মানি ন’ললে অনাগত দিনত এক দীঘলীয়া সংগ্ৰামৰ সন্মুখীন হ’ব লাগিব বুলিও কয় । নেতাগৰাকীয়ে ৰে’ল কৰ্মচাৰীৰ বৃহত্তৰ স্বাৰ্থত সমূহ শ্ৰমিক সংগঠনকে একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক জনগণবিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ জনাবলৈ আহ্বান জনায় । সভাত উত্তৰ-পূৱ সীমান্ত ৰেলৰ মুখ্য কাৰ্মিক বিষয়া শশাংক শৰ্মা উপস্থিত থাকি বক্তব্য ৰাখে । কাটিহাৰ সংমণ্ডলৰ ডি আৰ এম কৰ্ণেল এচ কে সিঙো উপস্থিত থাকে । ইয়াৰ আগতে নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ পৰা সভাস্থলীলৈ এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয় । প্ৰখৰ ৰ’দকো আওকান কৰি হাজাৰ হাজাৰ ৰেল কৰ্মীয়ে শোভাযাত্ৰাত অংশ লয় । মুকলি সভাৰ পাছত অনুষ্ঠিত প্ৰতিনিধি সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক আশীষ বিশ্বাসে আৰু হিচাপ দাখিল কৰে কোষাধ্যক্ষ মনোৰঞ্জন সৰকাৰে ।ইয়াৰ পাছতেই ইউনিয়নৰ সাংগাঠনিক দিশত আলোচনা কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।বিষয় বাছনি সভাত আগন্তুক দুটা বৰ্ষৰ বাবে ইউনিয়নৰ নতুন কমিটি গঠন কৰা হয় । এইবেলি নৱ নিৰ্বাচিত কমিটিত দিলীপ কুমাৰ চক্ৰৱৰ্তীক সভাপতি, কনক চন্দ্ৰ বৰ্মনক কাৰ্যকৰী সভাপতি, আশীষ বিশ্বাসক সাধাৰণ সম্পাদক আৰু মনোৰঞ্জন চৰকাৰক কোষাধ্যক্ষ হিচাপে লৈ এখন ৩৫ জনীয়া কেন্দ্ৰীয় কমিটি গঠন কৰা হয় । প্ৰবীন সমাজবাদী নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা, অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ হৰেশ্বৰ গোস্বামী, হুমায়ুন কবিৰ, পিটাৰ আলভাৰচ, বসন্ত চন্দ্ৰ ঘোষ, ৰমণী বৰ্মণ আদিৰ দৰে বিশিষ্ট ব্যক্তি সকলে বিভিন্ন সময়ত অলংকৃত কৰা এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিৰ পদত এইবেলি মালিগাৱঁৰ দিলীপ কুমাৰ চক্ৰৱৰ্তী নিৰ্বাচিত হোৱাত ৰেল কৰ্মী সকলৰ লগতে মালিগাওঁবাসী উৎফুল্লিত হৈ পৰিছে । এক বিবৃতিত দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে সমূহ ৰেল কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে লগতে কয় যে আমি সমূহীয়া প্ৰচেষ্টাৰে আগবাঢ়ি ইউনিয়নটোক অধিক শক্তিশালী কৰি তুলিব লাগিব।
Trending
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্
- দৰং জিলাত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত
- পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
- অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ উদ্যোগত ৭৬ সংখ্যক শিল্পী দিৱস, ভোগালী বিহু আৰু ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন
- কাঁচিয়লি’ৰ শিশুনাট সমাৰোহৰ সফল সামৰণি-বাঁহেৰে নিৰ্মিত মঞ্চত মঞ্চস্থ হ’ল পাঁচখনকৈ শিশুনাট
- NSE Headquarters Illuminated in Tricolour on Eve of 77th Republic Day