চাহ বাগিচা অঞ্চলত ক্ৰমাত ক’ভিড প’জিটিভৰ সংখ্যা বৃদ্ধি পাব ধৰিছে।মৰিয়নিৰ গ্ৰীণ ভিউ চাহ বাগিছাত বৰ্তমানলৈকে প্ৰায় দহ জন লোকৰ দেহত ধৰা পৰিছে ক`ভিডৰ উপস্থিতি।বাগিছাখনৰ ৬টা পৰিয়ালক স্বাস্থ্য বিভাগে তিনি দিনৰ পূৰ্বে হোম কন্টেইনমেন্ট ৰূপে ঘোষণা কৰে।কিন্তু হোম কন্টেইনমেন্ট ঘোষণা কৰা শ্ৰমিকৰ পৰিয়াল কেইটাক প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সাহায্য আগনবঢ়োৱাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে পৰিয়াল কেইটা।পৰিয়াল কেইটাৰ বিষয়ে জানিব পাৰি মৰিয়নিৰ চেলেংহাটৰ সমাজকৰ্মী তুষাৰ পালে আজি হোম কন্টেইনমেন্টত থকা ৬ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে।আনহাতে তুষাৰ পালৰ পদক্ষেপক বাগিচাখনৰ শ্ৰমিক সকলে শলাগ লোৱা লগতে হোম কন্টেইনমেন্টত থকা পৰিয়াল সমুহক সাহায্য আগবঢ়াবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি