আন্তৰ্জাতিক মহিলা দিৱসৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীত এক সজাগতামূলক কৰ্মশালা আৰু শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত হয়। কনজিউমাৰ ভয়েছ-নতুন দিল্লী, জ্যোতিশিখা মহিলা সমন্বয় পৰিষদ, প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট আৰু ইনাৰ হুইল ক্লাব অফ গুৱাহাটী ইষ্টৰ সহযোগত পাঞ্জাবাৰীত অনুষ্ঠিত এই কৰ্মশালাত শতাধিক মহিলাই অংশ লয়। ‘ধঁপাত বিৰোধী আইন অধিক কঠোৰ আৰু শক্তিশালী কৰি জীৱন ৰক্ষা কৰা’ শীৰ্ষক কৰ্মশালাত ৰাজ্যৰ বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ ডিপি আগৰৱালাই ‘ধঁপাতমুক্ত সুস্থ ভৱিষ্যত আৰু মহিলা সৱলীকৰণ’ বিষয়ৰ ওপৰত মূল ভাষণ দি কয়- ধঁপাত যি কোনো ধৰণৰে নহওঁক কিয়, সেয়া অতি ক্ষতিকাৰক আৰু প্ৰাণঘাতক। শিশু আৰু যুৱ প্ৰজন্ম ধঁপাতৰ প্ৰতি আসক্ত হোৱাটো সমাজৰ বাবে অতি ভয়াৱহ। ধঁপাত সেৱন কৰা মহিলাৰ সংখ্যাও আমাৰ সমাজত বৃদ্ধি পাইছে আৰু এনে মহিলা বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ আছে। ধঁপাত সেৱনৰ ফলত হাঁওফাঁওৰ ওপৰত যথেষ্ঠ ক্ষতিকাৰক প্ৰভাৱ পৰে আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অভাৱনীয় ভাবে কমি যায়। কৰ্মশালাত উপস্থিত থাকি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয়- দেশৰ ৫০ শতাংশ কৰ্কট ৰোগৰ মূল কাৰণে ধঁপাত সেৱন। সমীক্ষা মতে, অসমৰ ৩৩ শতাংশ মহিলা আৰু ৪৮.২ শতাংশ প্রাপ্তবয়ষ্কই ধঁপাত সেৱন কৰে। আমাৰ দেশত প্ৰায় ৪০ শতাংশ মহিলা নিজৰ ঘৰতে পৰোক্ষভাবে ধঁপাত সেৱনকাৰীৰ পৰা ক্ষতিগ্ৰস্ত হয়। কৰ্মশালাত উপস্থিতি থাকি বিশিষ্ট লেখিকা তথা সমাজকৰ্মী স্বপ্নালী মহন্তই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ উদ্ধৃতি দি ধঁপাত জাতীয় বস্তুৰ আসক্তিৰ ফলত এজন লোক কিদৰে জীৱনত সকলো হেৰুৱাবলগীয়া পৰ্যন্ত হয় সেই বিষয়ে উল্লেখ কৰি ধঁপাত সেৱনৰ দৰে ভয়াবহ আসক্তিৰ পৰা মহিলাক ৰক্ষা কৰাৰ বাবে শক্তিশালী পদক্ষেপৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰে। ধঁপাত বিৰোধী শ্লোগান প্ৰতিযোগিতাত সমাজৰ বিভিন্ন স্তৰৰ শতাধিক মহিলা অংশ লয়। বিজয়ী তিনিগৰাকী প্ৰতিযোগী ক্ৰমে প্ৰথম পুৰস্কাৰ ৰুণজ্যোতি হাজৰিকা, দ্বিতীয় পুৰস্কাৰ ময়ুৰী দত্ত আৰু তৃতীয় পুৰস্কাৰ কবিতা দাসক প্ৰদানৰ পাছত দেশৰ ধঁপাত বিৰোধী আইন অধিক কঠোৰ আৰু শক্তিশালী ভাবে বলবৎ কৰাৰ দাবীৰে মহিলা সকলে লিখা শ্লোগান প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা হয়।
Trending
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth