ক’ভিড১৯ৰ টেষ্টং লেবৰ স্বীকৃতি পালে ডিফু মেডিকেল কলেজে

0 274

ৰাজ্যবাসীৰ বাবে আছে এক সুখবৰ। নতুন দিল্লীৰ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ চমুকৈ আই চি এম আৰৰ তৰফৰ পৰা আই চি এম আৰ কৰ্তৃপক্ষই ৰাজ্যৰ কাৰ্বি আংলঙ জিলাৰ অন্তৰ্গত ডিফু মেডিকেল কলেজক কোভিড-১৯ৰ টেষ্টিং লেব হিচাপে এক নতুন স্বীকৃতি প্ৰদান কৰিছে।
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এক টুইটযোগে এই কথা জনায়। তেখেতে টুইটাৰ যোগে প্ৰকাশ কৰে যে, ক’ভিড১৯ৰ পৰীক্ষণৰ বাবে সমগ্ৰ ৰাজ্যৰে সাতখন মেডিকেল কলেজে বিভিন্নধৰণৰ সা সুবিধাৰ লগতে ইয়াৰ বাবে পৰ্যাপ্ত আনুষ্ঠানিক অনুমোদন লাভ কৰিলে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ৰাজ্যখনৰ ক’ভিড১৯ৰ পৰীক্ষণৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্যবিভাগক এই নতুন স্বীকৃতিয়ে অধিক শক্তিশালী কৰি তুলিব।
সমগ্ৰ ৰাজ্যতে এতিয়ালৈকে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বমুঠ ২৮৩৫গৰাকী। বৰ্তমানলৈকে ৰাজ্যত কোভিড-১৯ পজিটিভ সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা হৈছে ২০৪৪গৰাকী। ক’ভিড১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা সৰ্বমুঠ পাঁচ গৰাকী।

Leave A Reply

Your email address will not be published.