প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক , ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে। অৱশ্যে ৰাজ্যৰ বহু অঞ্চল এতিয়াও পানীৰ অভাৱৰ বাবে কৃষকসকল পথাৰত কৃষি কাৰ্য কৰাৰ বাবে সাজু হ’ব পৰা নাই। ইফালে খৰাং আৰু বানৰ পৰা তুলনামূলকভাৱে মুক্ত অঞ্চল সমূহত শাওনৰ মাহ পৰাৰ লগে লগে কৃষকসকল শালিধানৰ খেতি কৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিগত বৃহত্তৰ ৰাণী অঞ্চলত শাওনৰ প্ৰথম দিনটোৰ পৰাই কৃষক সকল হালৰ গৰু, পাৱাৰ টিলাৰ, টেক্টৰ লৈ নামি পৰা পৰিলক্ষিত হৈছে। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাণীকে ধৰি পশ্চিম গুৱাহাটীৰ খেতিপথাৰ সমূহ ৰোৱনী-দাৱনীৰে ভৰি পৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ কৃষি কৰ্মৰ লগত জড়িত উদ্যমী ব্যক্তি দেউচোতালৰ বলেশ্বৰ ৰংপি , ৰোৱনী হিচাপে অভিজ্ঞ মহিলা তথা আজাৰা গাঁও পঞ্চয়াতৰ সভানেত্ৰী কবিতা বড়ো ৰংপিকে ধৰি কৃষি কৰ্মত ব্যস্ত একাংশ কৃষকে জানিবলৈ দিয়া মতে পূৰ্বৰ গৰুৰ সলনি বেছিভাগতে পাৱাৰ টিলাৰ , ট্ৰেক্টৰকে ধৰি কৃষি ক্ষেত্ৰত যান্ত্ৰিক পদ্ধতিৰ বহুল ব্যৱহাৰৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ বহু শিক্ষিত যুৱক কৃষি খণ্ডত নামি পৰিছে । যিটো অতি শুভ লক্ষণ । সমান্তৰালভাৱে শাওন মাহৰ ভিতৰত শালিধানৰ খেতিৰ কামখিনি বা কঠীয়া তথা ভুই ৰুৱ পাৰিলেহে আঘোণ মাহত পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব। আনহাতে পহিলা শাওন মাহৰ পহিলা দিনটো অৰ্থাৎ ১৮ জুলাইত ৰাণীৰ কাষৰীয়া আন্ধেৰীজুলিৰ খেতি পথাৰত বলেশ্বৰ ৰংপীৰ উদ্যোগত ক’ভিড বিধি মানি ভূঁই ৰোৱা উৎসৱ পালন কৰা হয় । এগছি ভূঁই ৰুই ২০ জনী ৰোৱনীৰ সৈতে পথাৰত ভূঁই ৰোৱা উৎসৱৰ শুভাৰম্ভ কৰে আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে । তেনেদৰে ভূঁই ৰোৱাৰ পূৰ্বে পথাৰত পাৱাৰ টিলাৰ চলাই সকলোকে আপ্লুত কৰে প্ৰাক্তন কৃষক নেতা বলেশ্বৰ ৰংপীয়ে । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত আন্ধেৰীজুলি অঞ্চলৰ আদৰ্শ কৃষক আৰু বিশিষ্ট সমাজকর্মী জগত বড়ো , গড়চুকৰ মিলনজ্যোতি সংঘৰ সম্পাদক দীপক ৰাজবংশী , খানামুখ মিলন সংঘৰ উপ সভাপতি দিলীপ কলিতা ( চক্ৰ ) দেউচতালৰ নৱজ্যোতি সংঘৰ কাৰ্যকৰী সদস্য সুনীল থাপ্পা , খানামুখৰ সমাজকর্মীদ্বয় হৰেন কলিতা আৰু বিপুল কলিতা , পশ্চিম গুৱাহাটী আৰু দক্ষিণ কামৰূপৰ কেবাজনো সাংবাদিক উপস্থিত থাকে । অনুষ্ঠানৰ অন্তত পৰম্পৰাগত খাদ্য সম্ভাৰৰে এক প্ৰীতি ভোজনৰো আয়োজন কৰা হয় ।
Trending
- আশ্ৰয় শিবিৰত থকা প্ৰতিটো বানপীড়িত পৰিয়াললৈ চৰকাৰে আগবঢ়াব ৩,৮০০ টকা
- কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্রশিক্ষণৰ সামৰণি
- খানামুখ ৰাজহুৱা নামঘৰৰ পুনঃ নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন
- গোপাল জালানৰ ইতিবাচক গ্ৰন্থ উন্মোচন
- লোহাৰঘাটত স্পৰ্শ-অসম আৰু বেলিৰ উদ্যোগত শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচী
- নেচনেল ইনষ্টিটিউট অব্ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনীয়াৰিঙত বৃত্তমুখী পাঠ্যক্ৰম
- উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দশম স্থান প্ৰাপক প্ৰিয়াংশু দাসক চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন
- দোমৰদলং চাহ বাগিছাত শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে সজাগতা সভা সম্পন্ন
- ৰঙিয়া নগৰত পহিলা জুলাইৰ পৰা একক ব্যৱহাৰযোগ্য প্লাষ্টিক জাতীয় সামগ্ৰী নিষিদ্ধ
- চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী ডাঃ উপাসনা মহন্তক নিজ গৃহত সম্বৰ্ধনা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ