কাকতি ফৰিঙক ৰোধ কৰিবলৈ পাকিস্তানে গ্ৰহণ কৰিছে অভিনৱ ব্যৱস্থা,কিন্তু কি এই ব্যৱস্থা

0 294

ক’ভিড১৯ৰ সমান্তৰালকৈ কাকতি ফৰিঙে উপদ্ৰৱ চলাই হাজাৰ হাজাৰ বিঘা শস্য নষ্ট কৰিছে। এই বাতৰি যোৱা ২৭মে’ত এন ই ফ’কাচ ডট কমত সবিস্তাৰে প্ৰকাশ পাইছিল। কাকতি ফৰিঙৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে দেশৰ কৃষক সকল চিন্তিত হৈ থকাৰ সময়তে প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তানে ফৰিঙবিধৰ উপদ্ৰৱ ৰোধ কৰিবলৈ সক্ষম হৈছে। কিন্তু কেনেকৈ?
 
 
 
 
জানি সুখী হ’ব যে কাকতি ফৰিঙৰ পৰা হাঁহ কুঁকুৰাৰ বাবে উচ্চ প্ৰ’টিনযুক্ত খাদ্য প্ৰস্তুত কৰাত নামি পৰিছে দেশখনৰ খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগে। যাৰ বাবে পাকিস্তানত প্ৰতি কেজিত ২০ টকাতকৈ বিক্ৰী হৈছে কাকতি ফৰিং। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পাকিস্তানত চৰকাৰীভাৱে ফৰিঙৰ বাবে খাদ্য প্ৰস্তুতকৰণৰ সিদ্ধান্ত লৈছে। বিশেষকৈ ফৰিঙৰ পৰা হাঁহ কুঁকুৰাৰ বাবে উচ্চ প্ৰ’টিনযুক্ত খাদ্য প্ৰস্তুত কৰিছে।
 
 
 
আনহাতে দেশখনৰ একাংশ হোটেলত ২০০ পৰা ৩০০ টকা পৰ্যন্ত দৰত ফৰিঙৰ বিৰিয়ানী বিক্ৰী হৈছে। এই নতুন পন্থাৰে কাকতি ফৰিঙৰ উপদ্ৰৱ ৰোধ কৰিবলৈ দেশখনে প্ৰচেষ্টা চলাইছে। উল্লেখযোগ্য যে  বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই দেশত কাকতি ফৰিঙৰ উপদ্ৰৱ আৰম্ভ হয় আৰু প্ৰায় দহ লাখ হেক্টৰ কৃষি ভূমিত ব্যাপক ক্ষতিসাধন কৰে।
বিশেষ কৃতজ্ঞতা-পংকজ ভট্ৰ

Leave A Reply

Your email address will not be published.