কাজিৰঙাত পথৰ যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে অত্যাধুনিক নিৰীক্ষণ ব্যৱস্থা

0 256

এতিয়াৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ মাজেৰে পাৰ হোৱা যান-বাহনৰ চালকসকলে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব ৷ নিৰ্দিষ্ট গতিত বাহন নচলালে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই যোগান ধৰা তথ‍্যৰ আধাৰত জিলা পৰিবহন বিভাগে ল’ব বিহিত ব‍্যৱস্থা ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ‍্যান ক্ষেত্ৰৰ ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰা অত‍্যাধুনিক নিৰীক্ষণ ব‍্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা হ’ব এই কাম ৷উদ‍্যানখনৰ স্পৰ্শকাতৰ অঞ্চল তথা এনিমেল ক’ৰিডৰত সংস্থাপিত কৰা হৈছে উন্নত প্ৰযুক্তিৰ চেনচৰ কেমেৰা । এই চেনচৰ কেমেৰাই ৰাজপথৰে যোৱা প্ৰতিখন বাহনৰ গতিবেগ নিৰীক্ষণ কৰে । বাহনৰ গতিবেগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত স্থাপন কৰিছে নিৰীক্ষণ চকী ।৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে স্থাপন কৰা নিৰীক্ষণ চকীত বহিয়েই বাহনৰ গতিবেগৰ ওপৰত চোকা দৃষ্টি দিয়াৰ ব‍্যৱস্থা আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকলে এতিয়া তীক্ষ্ণ দৃষ্টি ৰাখিছে পথচোৱাত । ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ মাজে মাজে স্থাপন কৰা গাড়ীৰ গতিবেগ নিৰীক্ষণ যন্ত্ৰৰ জৰিয়তে প্ৰাপ্ত সকলো তথ্য কাৰ্যালয়ত বহিয়েই নিৰীক্ষণ কৰি আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ দুটাকৈ স্থানত সংস্থাপিত কৰা হৈছে অত্যাধুনিক প্ৰযুক্তিযুক্ত চেনচৰ কেমেৰা । এই অত‍্যাধুনিক প্ৰযুক্তি ব‍্যৱস্থাৰ জৰিয়তে যান-বাহনৰ নিয়ন্ত্ৰিত গতিবেগৰ বাবে সঘনাই ঘটি থকা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব পৰা যাব জীৱকূলক ৷বিশেষকৈ বানৰ সময়ত আশ্ৰয় বিচাৰি ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা জীৱকূল পূৰ্বতকৈ অধিক সুৰক্ষিত হ’ব । আনহাতে, কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া প্ৰতিঘণ্টাত ৪০ কিল’মিটাৰ গতিত বাহন নচলালে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই যোগান ধৰা তথ‍্যৰ আধাৰত জিলা পৰিবহণ বিভাগে বিহিত ব‍্যৱস্থা ল’ব । এতিয়া বিশেষকৈ কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰাৰ এই সময়চোৱাত অধিক কঠোৰ হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল কৰ্তৃপক্ষ ।

Leave A Reply

Your email address will not be published.