কাজিৰঙাত বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী

0 273

সাম্প্ৰতিক সময়ত ক’ৰণা মহামাৰীৰ তাণ্ডৱৰ সময়তে আগন্তুক বানপানীৰ কাৰণেও চিন্তিত হৈ পৰিছে ৰাজ্যৰ জনতা। সেয়েহে ৰাজ্যত আহিবলগীয়া এই  বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী সকলৰ জীৱনৰ সুৰক্ষাৰ সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দায়িত্বত থকা বনবিভাগ আৰু উদ্যানখনৰ দাঁতিকাষৰীয়া পাঁচখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন বৈঠকৰ আহ্বান কৰে৷ এই বৈঠক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা আয়’ৰা ৰিজৰ্টত অনুষ্ঠিত হয়।
 
আনহাতে বৈঠকৰ অন্তত আয়োজন কৰা এখন সংবাদ মেল যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে আগন্তুক বানপানীৰ সময়ত চোৰাং চিকাৰী সকলৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বানপানীত আক্ৰান্ত বন্যপ্ৰাণী বিলাকৰ সুৰক্ষাৰ কাৰণে ইতিমধ্যে ৩০০খন হাত নাও আৰু ১৮ খন মেচিন নাও সাজু কৰা হৈছে ৷
আজি আয়োজিত সংবাদ মেল খনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা চোৰাং চিকাৰী সকলক বাধা দিয়াৰ বাবে উদ্যানখনৰ সকলো বনকৰ্মীকে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আগন্তুক বানপানীৰ সময়ত সকলোধৰণৰ কৰ্তব্য সমূহ নিষ্ঠা সহকাৰে পালন কৰাৰ বাবে উদ্যানখনত ৰাজ্যৰ আন আন স্থানৰ পৰা বনকৰ্মী সকলক নিয়োগ কৰা হ’ব ৷
 
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিছুদিন পূৰ্বে সংঘটিত হৈছিল গঁড় হত্যা। এই কাণ্ডৰ সৈতে জড়িত চোৰাং চিকাৰীক কৰায়ত্ত কৰিবলৈ ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলিও তেখেতে কয় মন্তব্য প্ৰদান কৰিছে ৷
 
মহামাৰী ক’ৰণা ভাইৰাছৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই বিশ্ব ত্ৰাস অদৃশ্য মহামাৰীৰ পৰা বাচিবলৈ সকলোৱে সামাজিক দূৰত্ব মানি চলাৰ সমান্তৰালভাৱে মাস্ক পৰিধান কৰাটো অতিকৈ প্ৰয়োজনীয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বহিঃৰাজ্যৰ পৰা অহা লোক সকলোকে জিলাই জিলাই কোৱাৰেণ্টাইন কৰাৰ কাৰণে ব্লক পৰ্যায়ত কোৱাৰেণ্টাইন কেন্দ্ৰ গঠন কৰা হ’ব৷
 
সম্প্ৰতি বিদেশত থকা লোক সকলে এইক্ষেত্ৰত বিদেশত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিব লাগিব ৷ আজিৰ এই বৈঠক খনত উপস্থিত থাকে ৰাজ্যৰ মুখ্য প্ৰধান বন সংৰক্ষক এম কে যাদৱ, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষিমন্ত্ৰী অতুল বৰা , ৰাজ্যিক জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাও, গোলাঘাট, কাৰ্বিআংলং,বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.