কামৰূপ জিলাত গণৰাজ্য দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কীয় পৰ্যালোচনা সভা অনুষ্ঠিত

0 234

কোভিডৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমাগত ৭৩ সংখ্যক গণৰাজ্য দিৱসটি এইবাৰ কামৰূপ জিলাত অনুষ্টুপীয়াকৈ উদ্‌যাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত পুনৰালোচনা কৰাৰ অৰ্থে আজি জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’ৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, সামৰিক আৰু অৰ্দ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই অনুসৰি পূৰ্বৰ সিদ্ধান্তমতে প্ৰস্তুতি আৰম্ভ কৰা সকলো সাংস্কৃতিক আৰু অন্যান্য কাৰ্যসূচী বাতিল কৰা হয়৷
চৰকাৰী নিৰ্দেশনা অনুসৰি কোভিডৰ নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি ৰাষ্ট্ৰীয় পতাকা উত্তোলন, আৰক্ষী, সামৰিক আৰু অৰ্দ্ধসামৰিক বাহিনীৰ দ্বাৰা প্ৰদৰ্শিত কুচ-কাৱাজ আৰু মুখ্য অতিথিৰ ভাষণেৰে আগন্তুক গণৰাজ্য দিৱসটি উদ্‌যাপন কৰা হ’ব৷ উল্লেখযোগ্য যে প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱস উদ্‌যাপনৰ কাৰ্যসূচীত ৬০ বছৰৰ ঊদ্ধৰ্ৰ লোকসকলৰ লগতে ১৫ বছৰৰ তলৰ শিশুসকলক উপস্থিত থাকিবলৈ উৎসাহিত কৰা হোৱা নাই৷
আজিৰ সভাত বিভিন্ন বিভাগ, সামৰিক তথা অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধিসকলৰ উপৰি কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, জিলাখনৰ অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে ধ্ৰুৱজ্যোতি দাস, সিদ্ধাৰ্থ গোস্বামী, প্ৰণৱ দত্ত গোস্বামী আৰু কমল বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.