কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা নিলয়ৰ সহযোগত আজি মদনপুৰৰ মদাৰতলা বিদ্যাপীঠ হাইস্কুলত এটি ধপাত বিৰোধী সজাগতামূলক পদযাত্ৰা অনুষ্ঠিত হয়। বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে তথা কামৰূপ জিলাৰ জিলা তথা সত্ৰ ন্যায়াধীশ ডাৰাক ঊল্লাহৰ নিৰ্দেশ মৰ্মে উদযাপিত এই অনুষ্ঠানত ড° ৰাজেন্দ্ৰ নাথ খাউণ্ডে সমাজত ধপাতৰ কু-প্ৰভাৱ সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰায়। ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই অনুষ্ঠানটোত কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মচাৰী, মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।
Trending
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ